‘ভুৱা গায়ক’ৰ আখ্যা মিকা সিঙৰ
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দিলজিৎদোছাঞ্জৰ ছবি চৰ্দাৰ জী ৩ বিদেশত মুক্তি দিয়াৰ সিদ্ধান্তক লৈ মিকা সিঙে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰেও এই ছবিখনত অভিনয় কৰিছে।
দিলজিতৰ নাম নোলোৱাকৈ মিকা সিঙে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁক “ভুৱা গায়ক” বুলি অভিহিত কৰে।অৱশ্যে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে কণ্ঠশিল্পীগৰাকীৰ ওপৰত কৰা আক্ৰমণৰ বিষয়ে স্পষ্ট কৰি তেওঁ নিজৰ আৰু দিলজিতৰ কলাজ ফটো শ্বেয়াৰ কৰে।
তেওঁ লিখিছিল যে, “দেশ প্ৰথম। বন্ধুসকল, আমি সকলোৱে জানো যে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক বৰ্তমান ভাল নহয়, তথাপিও কিছুমান মানুহে দায়িত্বহীন আচৰণ কৰিয়েই আছে।”
তেওঁ লগতে কয় “সীমাৰ সিপাৰৰ শিল্পীৰ সৈতে জড়িত যিকোনো বিষয়বস্তু মুকলি কৰাৰ আগতে, তেওঁলোকে দুবাৰ চিন্তা কৰা উচিত – বিশেষকৈ যেতিয়া আমাৰ দেশৰ মৰ্যাদা জড়িত হৈ থাকে।”

অনুৰাগীসকলক প্ৰতাৰণা
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত ফাৱাদ খানৰ ছবি আবিৰ গুলালৰ ভাগ্যৰ উদ্ধৃতি দি তেওঁ লিখিছে, “ফৱাদ খান আৰু ভানী কাপুৰ অভিনীত এখন ছবি আছিল যাৰ বিৰোধিতা আমাৰ বহুতেই কৰিছিলোঁ, আৰু তাৰ পিছটো কিছুমান মানুহে এতিয়াও বুজি পোৱা নাই’।
‘ইয়াতকৈও আচৰিত কথা এইটো যে এজন ভুৱা গায়কে, ভাৰতত ১০ খন অনুষ্ঠান কৰাৰ পিছত য’ত হাজাৰ হাজাৰ অনুৰাগীয়ে টিকট কিনিছিল, এতিয়া নোহোৱা হৈ গৈছে-যাৰ বাবে অনুৰাগীসকলে নিজকে প্ৰতাৰিত আৰু অসহায় অনুভৱ কৰে।”
আচলতে ইয়াত মিকাই দিলজিতৰ সফল দিল-লুমিনাটি ৱৰ্ল্ড ট্যুৰৰ কথা কৈছিল।ইয়াত দিলজিৎ দোছাঞ্জে এতিয়াও এই আক্ৰমণৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই।
কিছু মাহ পূৰ্বে ভাৰতত মুক্তি পোৱা চৰ্দাৰ জী ৩ৰ টিজাৰত হানিয়া আমিৰ নাছিল, অৱশ্যে ছবিখনত তেওঁৰ উপস্থিতিৰ বিষয়ে বহু চৰ্চা চলিছিল।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পিছত ভাৰতত ছবিখনৰ ট্ৰেইলাৰ জিঅ’ ব্লক কৰা হৈছে।ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে চলচ্চিত্ৰ সংস্থাটোৱে পাকিস্তানী শিল্পীসকলকো ভাৰতত কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।
এতিয়া চৰ্দাৰ জি ৩ৰ নিৰ্মাতাসকলে ভাৰতত মুক্তিৰ কাম পৰিত্যাগ কৰি ২৭ জুনত বহিঃৰাজ্যত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে।ইয়াক লৈ মীকা সিঙে দিলজিতক আক্ৰমণ কৰিছে।
লগতে পঢ়ক: হানিয়া আমিৰ সন্দৰ্ভত মৌনতা ভংগ দিলজিৎ দোছাঞ্জৰ; বয়কটৰ দাবী উত্থাপন