দিলজিৎ দোছাঞ্জৰ অনুষ্ঠানত অঘটন; মঞ্চত উঠিল খালিস্তানী সমৰ্থক
আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত দিলজিৎ দোছাঞ্জৰ কনচাৰ্টৰ সময়ত নিৰাপত্তাজনিত ঘটনা সংঘটিত হয়।মঞ্চত উঠিল এজন খালিস্তানী সমৰ্থক প্ৰতিবাদকাৰী।
প্ৰখ্যাত পঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোছাঞ্জ অলপতে তেওঁৰ গ্ল’বেল ‘অ’ৰা ৱৰ্ল্ড ট্যুৰ ২০২৬’ ক লৈ চৰ্চাত আছে। শেহতীয়াকৈ ছান ফ্ৰান্সিস্কোত চলি থকা তেওঁৰ এটা লাইভ কনচাৰ্টৰ সময়ত সেই মুহূৰ্ততে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়, যেতিয়া সুৰক্ষা বেহু ফালি এজন খলিস্তান সমৰ্থক প্ৰদৰ্শনকাৰীয়ে হাতত পতাকা লৈ মঞ্চত গৈ উপস্থিত হয়। এই ঘটনাৰ বাবে শ্ব’ত উপস্থিত থকা দৰ্শকসকলৰ মাজত কিছু সময়ৰ বাবে হুলস্থুল আৰু উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়।
অৱশ্যে, তাত উপস্থিত থকা সুৰক্ষাকৰ্মী আৰু স্থানীয় আৰক্ষীয়ে লগে লগে স্থিতি নিয়ন্ত্ৰণলৈ আনে, ব্যক্তিজনক কৰায়ত্ত কৰে আৰু জিম্মাত লয়। এই সমগ্ৰ নাটকীয় পৰিস্থিতিৰ মাজতো দিলজিতে অপূৰ্ব পেচাদাৰী মনোভাবৰ পৰিচয় দিয়ে আৰু অকণো ভয় নকৰাকৈ নিজৰ পৰিৱেশন অব্যাহত ৰাখে।
এই চাঞ্চল্যকৰ ঘটনাটো শুক্ৰবাৰে নিশা ছান ফ্ৰান্সিস্কোত দিলজিতৰ লাইভ শ্ব’ৰ সময়ত সংঘটিত হয়। প্ৰত্যক্ষদৰ্শী আৰু প্ৰাপ্ত তথ্য অনুসৰি, যেতিয়া দিলজিৎ নিজৰ পৰিৱেশনত মগ্ন আছিল, তেতিয়াই এজন প্ৰদৰ্শনকাৰীয়ে হঠাতে দৌৰি আহি মঞ্চত উঠি পৰে। ইয়াক সুৰক্ষা ব্যৱস্থাৰ এক ডাঙৰ গাফিলতি হিচাপে গণ্য কৰা হৈছে।
অৱশ্যে, এই ঘটনাৰ পিছতো দিলজিতে নিজৰ ধৈৰ্য্য হেৰুৱাই নেপেলালে। আৰক্ষীয়ে ব্যক্তিজনক ধৰি লৈ যোৱাৰ লগে লগে দিলজিতে লগে লগে নিজৰ নৃত্য আৰু গীত পুনৰ আৰম্ভ কৰি দিয়ে। তেওঁ সমগ্ৰ শ্ব’টোৰ সময়ত নিজৰ সম্পূৰ্ণ মনোযোগ দৰ্শকৰ মনোৰঞ্জন আৰু প্ৰবাসী ভাৰতীয় সমাজৰ একতাৰ ওপৰত কেন্দ্ৰীভূত কৰি ৰাখে।
এই হুলস্থুল এনে এটা সময়ত হৈছে, যেতিয়া ‘শিখছ ফৰ জাষ্টিচ’ (SFJ) ৰ দৰে কিছুমান কট্টৰপন্থী সংগঠনৰ তৰফৰ পৰা অনলাইন ভাবুকি আৰু বাধা প্ৰদানৰ চেষ্টা দেখিবলৈ পোৱা গৈছিল। এই গোটসমূহে মূলসুঁতিৰ ভাৰতীয় সংবাদ মাধ্যমত দিলজিতৰ সক্ৰিয় উপস্থিতিক বিৰোধিতা কৰি আহিছে।
এই ঘটনাৰ পিছত গায়কগৰাকীয়ে লাইভ ইভেণ্টসমূহক লৈ নিজৰ স্থিতি পুনৰ এবাৰ স্পষ্ট কৰি দিছে। তেওঁ পোনপটীয়া ভাষাত কয় যে যিয়েই তেওঁৰ অনুৰাগীসকলক হাৰাশাস্তি কৰিবলৈ বা কনচাৰ্টত বাধা জন্মাবলৈ চেষ্টা কৰিব, তাক স্থানীয় প্ৰশাসন আৰু কৰ্তৃপক্ষই থিতাতে বাহিৰৰ পথ দেখুৱাই দিব ।
লগতে পঢ়ক: পিতৃ দিৱসত ছানী দেউলৰ পুত্ৰ কৰণ দেউলৰ আৱেগিক পোষ্ট
