কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্যকে ৭ মে’ত অসামৰিক প্ৰতিৰক্ষা ম’ক ড্ৰিল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে যাতে কোনো জৰুৰীকালীন অৱস্থাত জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত হয় ।
এই মক ড্ৰিলত তলত দিয়া পদক্ষেপ গ্ৰহণ কৰা হ’ব –
-এয়াৰ ৰেইডৰ সতৰ্কবাণী চাইৰেন সক্ৰিয় হ’ব ।
-সাধাৰণ নাগৰিক, ছাত্র-ছাত্রী আদিক কোনো ধৰণৰ আক্রমণ হ’লে কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰি তাৰ প্রশিক্ষণ দিয়া হ’ব ৷
-ব্লেকআউটৰ ব্যৱস্থা কৰা হ’ব । অৰ্থাৎ প্ৰয়োজনৰ সময়ত বিদ্যুৎ বন্ধ কৰি দিব লাগে যাতে শত্ৰুৱে কোনো লক্ষ্য দেখা নাপায় ।
-গুৰুত্বপূৰ্ণ কাৰখানা আৰু ঘাটি লুকুৱাই ৰখাৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰা হ’ব ।
-খালী কৰাৰ পৰিকল্পনা আপডেট কৰি আখৰা কৰা হ’ব ।
পহলগাম আক্ৰমণৰ পিছত ভাৰত-পাক সম্পৰ্কৰ পুনৰ অৱনতি-
দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধৰ বিকল্পৰ কথা বিবেচনা কৰি থকাৰ সময়তে গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে । এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয় । ইয়াৰে অধিকাংশই আছিল পৰ্যটক ।
এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আছে সিন্ধু জল সন্ধি স্থগিত ৰখা, পাকিস্তানী উচ্চায়ুক্তৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰা, আটৰী চেক প’ষ্ট বন্ধ কৰা আৰু সকলো শিতানত ডাক সেৱা বন্ধ কৰা আদি ।
চৰকাৰক সমৰ্থন বিৰোধী দলৰ-
সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰে সশস্ত্ৰ বাহিনীক নিজৰ সময় আৰু পদ্ধতিৰে সিদ্ধান্ত লোৱাৰ স্বাধীনতা প্ৰদান কৰিছে । এই আক্ৰমণৰ পিছত চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু এই আক্ৰমণৰ দোষীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাক বিৰোধী দলসমূহেও সমৰ্থন আগবঢ়াইছে । সন্ত্ৰাসবাদী আক্ৰমণৰ সীমা অতিক্ৰম সংযোগৰ বিষয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পিছতে কেবিনেট কমিটী অন ছিকিউৰিটিৰ বৈঠকত অৱগত কৰা হয় ।