ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত কঁপিল আই আই টি গুৱাহাটী
পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে আই আই টি গুৱাহাটীয়ে । ইয়াৰ কাৰণ মাচুল বৃদ্ধি । হঠাৎ বৃদ্ধি পোৱা মাচুলৰ বিৰুদ্ধে শতাধিক গৱেষক ছাত্ৰ-ছাত্ৰী আৰু এমটেকৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষানুষ্ঠানখনত । এইবাৰ স্কলাৰ্ছসকলৰ মাচুল বৃদ্ধিৰ লগতে বিটেক আৰু এমটেক পাঠ্যক্ৰমৰ মাচুলো বৃদ্ধি কৰা হৈছে । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে । মঙলবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ সন্ধিয়া তীব্ৰতৰ হৈ পৰে । কেম্পাছৰ ভিতৰতে সন্ধিয়া পৰ্যন্ত অব্যাহত থাকে প্ৰতিবাদ ।
১৭ জুলাইত আই আই টি গুৱাহাটীৰ সঞ্চালকৰ নেতৃত্বত এক মুকলি অধিৱেশন অনুষ্ঠিত হয় । ইয়াত ছাত্ৰ পৰিক্ৰমাৰ ডীন, একাডেমিক পৰিক্ৰমা ডীনৰ লগতে আই আই টি-জি প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । ইয়াৰ মাজতে মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় । এই কথাত ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল । ইয়াৰ পিছতে প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে শিক্ষাৰ্থীসকল ।
মঙলবাৰে গৱেষক ছাত্ৰ-ছাত্ৰীসকলে জুলাই-নৱেম্বৰ ছেমিষ্টাৰৰ বাবে পঞ্জীয়ন কৰিব লাগিছিল । কিন্তু অধিকাংশ পি এইচ ডি ছাত্ৰ-ছাত্ৰীয়ে বৃদ্ধি পোৱা মাচুল দিবলৈ অস্বীকাৰ কৰে । ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে ।
লগতে পঢ়ক : আই আই এমৰ পৰা এম বি এ কৰিব বিচাৰে নেকি ? জানক ষ্টেপ বাই ষ্টেপ নামভৰ্তি প্ৰক্ৰিয়া