ইছৰো আৰু আই আই টি গুৱাহাটীৰ বৃহৎ সফলতা… কৃষ্ণগহ্বৰৰ পৰা ওলোৱা এক্স-ৰে সংকেত ডিকোড

ইছৰো আৰু আই আই টি গুৱাহাটীৰ বৃহৎ সফলতা

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান আৰু আই আই টি গুৱাহাটীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । আই আই টি গুৱাহাটীৰ গৱেষক আৰু বিজ্ঞানীসকলে ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰ ইছৰো আৰু হাইফা ইজৰাইল বিশ্ববিদ্যালয়ৰ সহায়ত পৃথিৱীৰ পৰা প্ৰায় ২৮ হাজাৰ আলোকবৰ্ষ দূৰত অৱস্থিত কৃষ্ণগহ্বৰৰ পৰা নিৰ্গত এক্স-ৰে সংকেত ডিকোড কৰিছে । ভাৰতৰ মহাকাশ মানৱ নিৰীক্ষণ কেন্দ্ৰ এষ্ট্ৰ’ছেটৰ তথ্য ব্যৱহাৰ কৰি গৱেষকসকলে কৃষ্ণগহ্বৰৰ পৰা নিৰ্গত এক্স-ৰে গ্লো উজ্জ্বল আৰু ম্লান পৰ্যায়ৰ মাজত পৰিৱৰ্তিত হোৱা পৰ্যবেক্ষণ কৰে । পৰিৱৰ্তন প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায় কেইবাশ ছেকেণ্ডলৈকে চলিছিল ।

বিশ্বৰ গৱেষকসকলে কৃষ্ণগহ্বৰৰ পৰিঘটনা বুজি পোৱাৰ দিশত কাম কৰি আছে । কৃষ্ণগহ্বৰ বা ব্লেক হোলে অধিক তাপ উৎপন্ন কৰে আৰু ইহঁতৰ সংগী তৰাবোৰৰ বাহিৰৰ স্তৰৰ পৰা গেছ টানি এক্স-ৰে নিৰ্গত কৰে । এই এক্স-ৰে অধ্যয়ন কৰি বিজ্ঞানীসকলে কৃষ্ণগহ্বৰৰ আশে-পাশে থকা পৰিৱেশৰ বিষয়ে জানিব পাৰে । আই আই টি গুৱাহাটীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক সন্তব্ৰত দাসে কয় যে আমি এক্স-ৰেৰ উজ্জ্বল জিলিকনিৰ প্ৰথম প্ৰমাণ পাইছো, যিটো উৎসৰ উচ্চ পোহৰৰ পৰ্যায়ত প্ৰতি ছেকেণ্ডত প্ৰায় ৭০ বাৰ পুনৰাবৃত্তি হৈছিল । কম উজ্জ্বলতা থকা পৰ্যায়ত এই উজ্জ্বলবোৰ নোহোৱা হৈ যায় । এষ্ট্ৰ’ছেটৰ শক্তিশালী পৰ্যবেক্ষণ ক্ষমতাৰ বাবেই এই নতুন কৃতিত্ব সম্ভৱ হৈছে ।

গৱেষকসকলে কৃষ্ণগহ্বৰৰ পৰা নিৰ্গত এক্স-ৰে গ্লো দুটা সুকীয়া পৰ্যায়ৰ মাজত পৰ্যায়ক্ৰমে এটা উজ্জ্বল আৰু এটা ম্লান বুলি ধৰা পেলাইছে । উজ্জ্বল পৰ্যায়ত যেতিয়া উজ্বলতা আটাইতকৈ বেছি হয়, তেতিয়া ক’ৰ’না ঘন আৰু গৰম হৈ পৰে । ইয়াৰ বিপৰীতে ম্লান পৰ্যায়ত ই প্ৰসাৰিত আৰু ঠাণ্ডা হয় । ইয়াৰ ফলত উজ্বলতা নোহোৱা হৈ যায় ।

তেওঁ কয় যে এই স্পষ্ট সম্পৰ্কই এই উজ্জ্বল সংকেতসমূহৰ সম্ভাৱ্য উৎস হিচাপে ঘন, দোলনশীল ক’ৰ’নাৰ দিশটোলৈ আঙুলিয়াই দিয়ে । প্ৰতিটো পৰ্যায় কেইবাশ ছেকেণ্ডলৈকে থাকে আৰু নিয়মীয়াকৈ পুনৰাবৃত্তি হয় । উজ্জ্বল সংকেত কেৱল উজ্জ্বল পৰ্যায়তহে দেখা যায় । এই আৱিষ্কাৰে দেখুৱাইছে যে কৃষ্ণগহ্বৰৰ চাৰিওফালে থকা ক’ৰ’নাটো কোনো সুস্থিৰ গঠন নহয় আৰু কৃষ্ণগহ্বৰটোলৈ গেছৰ প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ আকাৰ আৰু শক্তি সলনি হৈ থাকে ।

লগতে পঢ়ক : আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত কঁপিল আই আই টি গুৱাহাটী; মাচুল বৃদ্ধিক লৈ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত কঁপিল আই আই টি গুৱাহাটী

পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে আই আই টি গুৱাহাটীয়ে । ইয়াৰ কাৰণ মাচুল বৃদ্ধি । হঠাৎ বৃদ্ধি পোৱা মাচুলৰ বিৰুদ্ধে শতাধিক গৱেষক ছাত্ৰ-ছাত্ৰী আৰু এমটেকৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষানুষ্ঠানখনত । এইবাৰ স্কলাৰ্ছসকলৰ মাচুল বৃদ্ধিৰ লগতে বিটেক আৰু এমটেক পাঠ্যক্ৰমৰ মাচুলো বৃদ্ধি কৰা হৈছে । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে । মঙলবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ সন্ধিয়া তীব্ৰতৰ হৈ পৰে । কেম্পাছৰ ভিতৰতে সন্ধিয়া পৰ্যন্ত অব্যাহত থাকে প্ৰতিবাদ ।

১৭ জুলাইত আই আই টি গুৱাহাটীৰ সঞ্চালকৰ নেতৃত্বত এক মুকলি অধিৱেশন অনুষ্ঠিত হয় । ইয়াত ছাত্ৰ পৰিক্ৰমাৰ ডীন, একাডেমিক পৰিক্ৰমা ডীনৰ লগতে আই আই টি-জি প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । ইয়াৰ মাজতে মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় । এই কথাত ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল । ইয়াৰ পিছতে প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে শিক্ষাৰ্থীসকল ।

মঙলবাৰে গৱেষক ছাত্ৰ-ছাত্ৰীসকলে জুলাই-নৱেম্বৰ ছেমিষ্টাৰৰ বাবে পঞ্জীয়ন কৰিব লাগিছিল । কিন্তু অধিকাংশ পি এইচ ডি ছাত্ৰ-ছাত্ৰীয়ে বৃদ্ধি পোৱা মাচুল দিবলৈ অস্বীকাৰ কৰে । ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে ।

লগতে পঢ়ক : আই আই এমৰ পৰা এম বি এ কৰিব বিচাৰে নেকি ? জানক ষ্টেপ বাই ষ্টেপ নামভৰ্তি প্ৰক্ৰিয়া

এইকেইখন ৰাজ্যৰ ১১খন জিলাত বান আৰু খৰাং পৰিস্থিতিৰ আশংকা…সকীয়াই দিলে আই আই টিৰ জলবায়ু প্ৰতিবেদনে

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটী আৰু মাণ্ডীয়ে যৌথভাৱে প্ৰকাশ কৰিছে জলবায়ুৰ বিপদাশংকা মূল্যায়ন প্ৰতিবেদন । প্ৰতিবেদনত কোৱা হৈছে যে বিহাৰ, কেৰালা আৰু ওড়িশাৰ ১১খন জিলাত বান আৰু খৰাং উভয়ৰে ‘অতি উচ্চ’ আশংকা আছে । ইয়াৰ ভিতৰত পাটনা, আলাপ্পুঝা, কেন্দ্ৰপাৰা আদি জিলাও আছে । এই জিলাসমূহত তাৎক্ষণিক পদক্ষেপ লোৱাৰ প্ৰয়োজন ।

প্ৰতিবেদনখনৰ শিৰোনাম হৈছে ‘ভাৰতত জিলা পৰ্যায়ৰ জলবায়ুৰ বিপদৰ মূল্যায়ন: আই পি চি চিৰ ফ্ৰেমৱৰ্ক ব্যৱহাৰ কৰি বান আৰু খৰাং বিপদাশংকা মেপিং’। ইণ্ডিয়ান চেণ্টাৰ ফৰ ছায়েন্স, টেকন’লজি এণ্ড পলিচি ষ্টাডিজ (CSTEP), বাংগালুৰুৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন । প্ৰতিবেদন অনুসৰি দেশৰ ৫১খন জিলা বানৰ ‘অতি উচ্চ’ আশংকা আৰু ১১৮খন জিলা ‘উচ্চ’ বিপদৰ শ্ৰেণীত পৰে । অসম, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, গুজৰাট, ওড়িশা আৰু জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যত এই বিপদাশংকা অধিক ।

ইয়াৰ উপৰিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিশেষকৈ বিহাৰ, অসম, ঝাৰখণ্ড, ওড়িশা আৰু মহাৰাষ্ট্ৰত ৯১খন জিলাই ‘অতি উচ্চ’ খৰাং আশংকাৰ সন্মুখীন হৈছে আৰু ১৮৮খন জিলাই ‘উচ্চ’ খৰাং আশংকাৰ সন্মুখীন হৈছে । প্ৰতিবেদনত সকীয়াই দিয়া হৈছে যে বিহাৰৰ পাটনা, কেৰালাৰ আলাপ্পুঝা আৰু ওড়িশাৰ কেন্দ্ৰপাৰাৰ দৰে ১১খন জিলা বান আৰু খৰাং দুয়োটাৰে ‘অতি উচ্চ’ আশংকাত আছে আৰু এই অঞ্চলসমূহে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে ।

গুৱাহাটীৰ আই আই টিৰ সঞ্চালক দেৱেন্দ্ৰ জলিহালে কয়, ভাৰতৰ কৃষি বাৰিষাৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল । জলবায়ু পৰিৱৰ্তনৰ বাবে খৰাং আৰু অত্যধিক বৰষুণৰ দৰে সমস্যা অধিক ভয়াৱহ হৈ পৰিছে । প্ৰতিবেদনত ৬০০ৰো অধিক জিলাৰ বিপদৰ মূল্যায়ন কৰা হৈছে, এই সমস্যাসমূহ মোকাবিলা কৰিবলৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰা হৈছে । এই অধ্যয়নত জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা ভাবুকি আৰু সমস্যাসমূহ জিলা পৰ্যায়ত দেখুওৱা হৈছে । ইয়াৰ দ্বাৰা মানুহৰ সুৰক্ষাৰ বাবে সহায়ক হ’ব আৰু জলবায়ু পৰিৱৰ্তনে মানুহৰ জীৱন আৰু তেওঁলোকৰ কাম-কাজত কেনে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে ব্যাখ্যা কৰা হ’ব ।

বিজ্ঞান আৰু প্ৰযুক্তিৰ বৈজ্ঞানিক বিভাগৰ মুৰব্বী অনিতা গুপ্তাই কয়, জলবায়ু পৰিৱৰ্তন আমাৰ সময়ৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান, ইয়াৰ প্ৰভাৱ কৃষি, জীৱিকা আৰু জীৱনৰ প্ৰতিটো দিশত পৰিছে । এই প্ৰতিবেদনৰ জৰিয়তে আমি স্থানীয় জনগোষ্ঠীসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মূল্যায়ন কৰিছো আৰু একেলগে এই সমস্যাসমূহৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিছো ।