ইৰাণৰ বন্দৰ চহৰ বন্দৰ আব্বাছত শনিবাৰে সংঘটিত হৈছে এক ভয়কৰ বিস্ফোৰণ । এই বিস্ফোৰণত চাৰি শতাধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে । ইৰাণৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাৰ মুখপাত্ৰই এই তথ্য প্ৰকাশ কৰিছে । অৱশ্যে বিস্ফোৰণৰ প্ৰায় তিনি ঘণ্টাৰ পাছতো আনুষ্ঠানিকভাৱে কোনো লোকৰ মৃত্যুৰ তথ্য নিশ্চিত হোৱা নাই । আহতসকলক হৰমোজগান প্ৰদেশৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
বন্দৰত থকা কণ্টেইনাৰত জুইৰ সূত্ৰপাত হোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হয় । ইতিমধ্যে সাহায্য আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হোৱাৰ চেষ্টা চলাইছে, আনহাতে আন দলসমূহে অঞ্চলটো খালী কৰাৰ কামত নিয়োজিত হৈছে ।
ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’ত ক’লা ধোঁৱাৰ বিশাল ডাৱৰ আকাশলৈ উঠি যোৱা দেখা গৈছে । ৰাজই বন্দৰে মূলতঃ কণ্টেইনাৰ ট্ৰেফিক চম্ভালে । ইয়াত তেলৰ টেংক আৰু পেট্ৰ’কেমিকেল ইউনিটো থাকে, যাৰ ফলত বিপৰ্যয়জনক অগ্নিকাণ্ডৰ আশংকা থাকে ।
ৰপ্তানি আৰু ট্ৰেনজিট চালানৰ ওপৰত নিষেধাজ্ঞা-
ইৰাণৰ সংবাদ মাধ্যমৰ মতে, বিস্ফোৰণৰ পিছত ইৰাণৰ শুল্ক কৰ্তৃপক্ষই সকলো শুল্ক কাৰ্যালয়ক শীঘ্ৰেই বন্দৰটোলৈ ৰপ্তানি আৰু ট্ৰেনজিট চালান প্ৰেৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । পৰৱৰ্তী নিৰ্দেশ প্ৰকাশ নোপোৱালৈকে এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ থাকিব । অৱশ্যে ইতিমধ্যে শুল্ক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা ট্ৰাকসমূহক বন্দৰ এলেকাৰ পৰা ওলাই যাবলৈ দিয়া হৈছে ।
আহতসকলক চিকিৎসালয়ত ভৰ্তি-
ইৰাণৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাৰ মুৰব্বী য়কতাপাৰষ্টে কয় যে এই বিস্ফোৰণত আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শনিবাৰে সংঘটিত হোৱা এই বৃহৎ বিস্ফোৰণৰ ফলত কেৱল বন্দৰৰ কাম-কাজ বন্ধ হোৱাই নহয় আঞ্চলিক বাণিজ্য আৰু যোগান শৃংখলতো যথেষ্ট প্ৰভাৱ পৰিছে ।