অসমত পাকিস্তানৰ ফেচবুক ইউজাৰ আছে
বুধবাৰে কেবিনেটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ তথ্য দিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, অসমত হাজাৰ হাজাৰ বাংলাদেশ আৰু পাকিস্তানৰ ফেচবুক ইউজাৰ আছে।
এই ইউজাৰবোৰে অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখি ভয়ংকৰ পৰিকল্পনা কৰি আছে।যিটো অসমৰ বাবে ভয়াৱহ খবৰ।
তেওঁ লগতে কয় যে অসমৰ নিৰ্বাচনৰ ওপৰত ২০০০ ফেচবুক একাউণ্টে বিভিন্ন মন্তব্য দিছে। ইয়াৰে অধিকাংশ একাউণ্টেই বাংলাদেশ আৰু পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ হৈছে।
অৱশ্যে এই একাউণ্টসমূহৰ ওপৰত অসম আৰক্ষী আৰু SB-এ নজৰ ৰাখিছে। যিবোৰ কমেণ্ট আহে এই কমেণ্টসমূহত আমাৰ মানুহৰ নাম দেখা পোৱা নাযায়।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, চোৰাংচোৱা সংস্থা ISI-এ অসমত এখন বিশেষ চৰকাৰ হোৱাটো বিচাৰে।
অৱশ্যে ১০ ছেপ্টেম্বৰত ইয়াৰ ওপৰত সৱিশেষ তথ্য দাখিল কৰিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়। ইয়াৰ বাবে কলকাতাত এটা বিশেষ কলচেণ্টাৰ বহুওৱা হৈছে।এই সকলোখিনি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নজৰত ৰাখিছে।
লগতে পঢ়ক: “বাক স্বাধীনতাৰ অৰ্থ এইটো নহয় যে…”; উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে ধমক