আদৰণি জনাবলৈ আহিল ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু
ব্ৰিটেইনৰ পিছতে মালদ্বীপত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মালদ্বীপ ভ্ৰমণৰ বাবে উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালে বিমানবন্দৰত আদৰণি জনোৱা হয়।
সেই সময়চোৱাত সমগ্ৰ বিশ্বই ভাৰতৰ শক্তি দেখিবলৈ পাইছে।মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে নিজেই বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়।
ইয়াৰ পিছত এতিয়া সম্ভাৱনা দেখা গৈছে যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক, যি মুইজ্জু ৰাষ্ট্ৰপতি হোৱাৰ পিছত বেয়া হৈছিল, সেইবোৰ আকৌ উন্নত হৈছে।
প্ৰধানমন্ত্ৰী মোদীক আদৰণিৰ সময়ত ৰাষ্ট্ৰপতি মুইজ্জুৰ লগতে মালদ্বীপ চৰকাৰৰ কেইবাজনো শীৰ্ষ মন্ত্ৰী, য’ত আছে বৈদেশিক মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী, আৰু গৃহ সুৰক্ষা মন্ত্ৰী ছামিহ, তেওঁ বিমানবন্দৰত উপস্থিত আছিল।
ৰাষ্ট্ৰপতি মুইজ্জুৱে প্ৰধানমন্ত্ৰী মোদীক সাৱটি ধৰি সম্ভাষণ জনোৱা দেখা গ’ল।মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা হৈছে।
ইয়ে স্পষ্ট ইংগিত দিছে যে, দ্বিপাক্ষিক সম্পর্কক নতুন শক্তি প্রদানৰ বাবে দুয়োখন দেশতে ৰাজনৈতিক ইচ্ছাশক্তি আছে।
উল্লেখ্য যে, ২০২৩ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মহম্মদ মুইজ্জুৱে ‘ইণ্ডিয়া আউট’ প্ৰচাৰ চলাইছিল। ৰাষ্ট্ৰপতি হোৱাৰ পিছত মুইজ্জু প্ৰথম দ্বিপাক্ষিক বিদেশ ভ্ৰমণ আছিল চীন।
ইয়াৰ উপৰিও তেওঁ পৰোক্ষভাৱে ভাৰতৰ বিৰুদ্ধে কিছু বক্তব্যও দিছিল।একে সময়তে ২০২৪ চনৰ জানুৱাৰী মাহত মালদ্বীপৰ একাংশ মন্ত্রীয়ে প্রধানমন্ত্রী মোডীৰ লক্ষদ্বীপ ভ্রমণক লৈ অপমানজনক মন্তব্য কৰিছিল,ইয়াৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিবলৈ ধৰিছিল।
লগতে পঢ়ক: ‘ইলন মাস্ক আৰু সকলোৱে আগবাঢ়ি যাওক’; ট্ৰাম্পৰ ইউ টাৰ্ণ, বিতৰ্কৰ অন্ত