মহাৱতাৰ নৰসিংহ
অশ্বিন কুমাৰ পৰিচালিত ‘মহাৱতাৰ’ ইনিভাৰ্চৰ প্ৰথম অংশ ‘মহাৱতাৰ নৰসিংহ’ই বক্স অফিচত ইমানেই ধুমুহাৰ সৃষ্টি কৰিছে যে শেহতীয়াকৈ মুক্তি পোৱা ‘ছন অৱ চৰ্দাৰ ২’ আৰু ‘ধড়ক ২’ৰ দৰে ছবিক প্ৰত্যাহ্বান জনাইছে ।
জানিব পৰা মতে ছবিখনে বিশ্বজুৰি ১০৫ কোটি টকা উপাৰ্জন কৰিছে আৰু এতিয়া ভাৰততো এই সংখ্যাৰ পৰা মাত্ৰ কেইখোজমান দূৰত । গতিকে এতিয়ালৈকে ছবিখনে কিমান উপাৰ্জন কৰিছে জানো আহক ।
‘মহাৱতৰ নৰসিংহ’ৰ বক্স অফিচ সংগ্ৰহ-
২৫ জুলাইত মুক্তি পোৱা এই ছবিখনে আজি ১১ দিনৰ বাবে বক্স অফিচত উপাৰ্জন কৰিছে । এক প্ৰতিবেদন অনুসৰি ছবিখনে প্ৰথম সপ্তাহতে ৪৪.৭৫ কোটি টকাৰ ব্যৱসায় কৰিছিল । আনহাতে দ্বিতীয় সপ্তাহৰ শেষৰ ফালে ৪৬.৫ কোটি টকাৰ ব্যৱসায় কৰিছিল আৰু ১০ দিনত ৯১.২৫ কোটি টকা সংগ্ৰহ কৰিছিল ।
একাদশটো দিনত সন্ধিয়া ৫:১০ বজালৈকে ছবিখনে ২.৫৪ কোটি টকা উপাৰ্জন কৰিছে । মুঠ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ৯৩.৭৯ কোটি টকা হৈছেগৈ । অৱশ্যে প্ৰকাশিত এই সংখ্যাসমূহ চূড়ান্ত নহয় । পৰৱৰ্তী সময়ত ই সলনি হ’ব পাৰে ।
শেহতীয়াকৈ এই এনিমেটেড ছবিখনে ছানী দেওলৰ জাত (৮৮.৭২ কোটি) আৰু ধনুষৰ কুবেৰা (৯০.৯ কোটি)ৰ পিছত অক্ষয় কুমাৰৰ কেশৰী ২ (৯২.৭৩ কোটি)ৰ জীৱনজোৰা সংগ্ৰহ অতিক্ৰম কৰিছে ।
ভক্ত প্ৰহ্লাদৰ ভক্তি আৰু ভগৱান বিষ্ণুৰ অৱতাৰ নৰসিংহৰ পৌৰাণিক কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন ১০০ কোটিৰ পৰা মাত্ৰ কেইটামান কোটিৰ দূৰত । ছবিখনে এই সংখ্যাত উপনীত হোৱাৰ সময়লৈকে এনে কিছুমান ছবিৰ অভিলেখো ভংগ হ’ব ।
-প্ৰায় ২৬০০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ব্ৰেড পিটৰ হলিউডৰ ছবি এফ ১ য়ে ভাৰতত ৯৩.৫৬ কোটি উপাৰ্জন কৰিছিল, মাত্ৰ কিছু সময়ৰ পূৰ্বে মহাৱতাৰ নৰসিংহই এই অভিলেখ ভংগ কৰিছে ।
-প্ৰায় ১৫০০ কোটি টকাৰ বাজেটত নিৰ্মিত স্কাৰলেট জোহানছনৰ জুৰাছিক ৱৰ্ল্ড ৰিবাৰ্থে ভাৰতত ৯৯.৯ কোটি উপাৰ্জন কৰিছিল ।
লগতে পঢ়ক : ৩৩ বছৰীয়া কেৰিয়াৰত প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় বঁটা লাভ শ্বাহৰুখ খানৰ…