লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা
আমেৰিকাৰ লছ এঞ্জেলছত অনুপ্ৰৱেশৰ বিষয়টোক লৈ চলি থকা হিংসাত্মক পৰিস্থিতি এতিয়াও বন্ধ হোৱা নাই । লছ এঞ্জেলছৰ ৰাজপথত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে বহু ঠাইত বাহন পৰ্যন্ত জ্বলাই দিয়া দেখা গৈছে । ৰাষ্ট্ৰপতি ট্ৰাম্পে লছ এঞ্জেলছত নেচনেল গাৰ্ড মোতায়েনৰ নিৰ্দেশ দিছিল । কিন্তু নেচনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই ।
তৃতীয় দিনলৈ অব্যাহত আছে হিংসা-
প্ৰতিবাদকাৰীয়ে কেইবাখনো আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ লগতে কেইবাটাও পথ অৱৰোধ কৰে । প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰৰ গুলী ব্যৱহাৰ কৰে । লছ এঞ্জেলছত হিংসা আৰম্ভ হোৱাৰ তিনিদিন পাৰ হৈ গৈছে আৰু নেশ্যনেল গাৰ্ডৰ নিয়োগে এই হিংসাক আৰু অধিক ইন্ধন যোগাইছে । দেওবাৰে বিয়লি ডাউনটাউনৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰৰ বাহিৰত শ শ লোকৰ সমাগম হয় । কথিত অবৈধ অনুপ্ৰৱেশকাৰীক এই ডিটেনচন চেণ্টাৰত আবদ্ধ কৰি ৰখা হৈছে । প্ৰতিবাদকাৰীসকলে শ্লোগান দিয়ে । ইয়াৰ পিছতে আৰক্ষীয়ে বল প্ৰয়োগ কৰাত প্ৰতিবাদকাৰীসকল অধিক ক্ষুব্ধ হৈ পৰে । একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহনত শিলগুটি নিক্ষেপ কৰে ।
‘নেচনেল গাৰ্ড নিয়োগৰ ফলত উদ্ভৱ হয় হিংসা’
কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ এখন পত্ৰ লিখি নেশ্যনেল গাৰ্ডক আঁতৰোৱাৰ দাবী জনাইছে । গেভিন নিউছমে লিখিছে যে নেশ্যনেল গাৰ্ডৰ নিয়োগে চহৰখনত উত্তেজনা বৃদ্ধি কৰিছে । তেওঁ নেচনেল গাৰ্ড মোতায়েনক ৰাজ্যৰ সাৰ্বভৌমত্বৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰে । কেলিফৰ্ণিয়াৰ সাংসদ নেনেট বাৰ্গানেও ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ সিদ্ধান্তক সমালোচনা কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে নাগৰিকৰ মাজত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও কয় তেওঁ । সাংসদগৰাকীয়ে কয় যে লছ এঞ্জেলছৰ আৰক্ষী বিভাগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম । লগতে প্ৰতিবাদকাৰীসকলক আইন হাতত নল’বলৈ আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।
দেশখনৰ বিভিন্ন স্থানত অনুসন্ধান অভিযান চলাই অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে বিভাগে । লছ এঞ্জেলছত যোৱা সপ্তাহতো ইমিগ্ৰেচন বিভাগে ১১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ বাবেই অনুপ্ৰৱেশ বিভাগৰ ডিটেনচন চেণ্টাৰৰ বাহিৰত সামাজিক সংগঠন আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে । এই প্ৰতিবাদৰ সময়তে হিংসাত্মক ঘটনা সংঘটিত হয় । দেওবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ আৰু লছ এঞ্জেলছৰ মেয়ৰক অযোগ্য বুলি অভিযোগ কৰি হিংসা নিয়ন্ত্ৰণৰ বাবে নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ সিদ্ধান্ত লয় ।
লগতে পঢ়ক : ইউক্ৰেইনত পুনৰ ধ্বংসলীলা চলালে ৰাছিয়াই; ড্ৰোন আৰু মিছাইলেৰে চলালে তাণ্ডৱ