উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে
দক্ষিণ কোৰিয়াৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা লি জে ম্যুঙে জয়লাভ কৰিছে । ইয়াৰ লগে লগে লি জে ম্যুং দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে । নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰথম ভাষণত লি জে ম্যুঙে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বুলি মন্তব্য কৰে ।
লি জে ম্যুঙে কয় যে তেওঁৰ চৰকাৰে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিব যাতে কোৰিয়া উপদ্বীপত শান্তি স্থাপন কৰিব পৰা যায় । কিন্তু তেওঁ লগতে কয় যে যদি উত্তৰ কোৰিয়াৰ পৰা অহা প্ৰৰোচনা অব্যাহত থাকে, তেন্তে আমেৰিকাৰ সৈতে মিলি তেওঁলোকে উত্তৰ কোৰিয়াৰ আগ্ৰাসনৰ উপযুক্ত উত্তৰ দিব । ম্যুঙে কয় যে তেওঁৰ চৰকাৰে জাপান আৰু আমেৰিকাৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব ।
অভিনন্দন প্ৰধানমন্ত্ৰী মোদীয়ে-
দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে লি জে ম্যুঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায় । বুধবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে মিষ্টাৰ লি জে ম্যুংক অভিনন্দন । তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক কৌশলগতভাৱে শক্তিশালী কৰিবলৈ মই আগ্ৰহী ।’
দক্ষিণ কোৰিয়াত সাধাৰণ নির্বাচন অনুষ্ঠিত হোৱাৰ সময়তে প্রাক্তন ৰক্ষণশীল ৰাষ্ট্ৰপতি ইউন ছুক-য়লে হঠাতে দেশখনত সামৰিক আইন জাপি দিয়াৰ নির্দেশ দিছিল ৷ ইয়াৰ ফলত দক্ষিণ কোৰিয়াত ৰাজনৈতিক অশান্তিৰ সৃষ্টি হয় । কিন্তু ব্যাপক প্ৰতিবাদৰ অন্তত কেইঘণ্টামানৰ ভিতৰতে সামৰিক আইন জাৰি কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলগীয়া হয় ইউন ছুক-য়লে । কিন্তু তাৰ পিছত দক্ষিণ কোৰিয়া ৰাজনৈতিক সংকটত আবদ্ধ হৈ পৰে । এতিয়া লি জে ম্যুঙৰ জয়ৰ লগে লগে সেই সংকটৰ অন্ত পৰিছে ।
কোন হয় লি জে ম্যুং-
৬০ বছৰীয়া লীক বিভিন্ন সমীক্ষাত ৰাষ্ট্ৰপতি পদৰ বাবে আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থী হিচাপে অভিহিত কৰা হৈছিল । যোৱা বছৰৰ ডিচেম্বৰ মাহত যেতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি ইউনে দেশত সামৰিক আইন জাপি দিছিল, তেতিয়া তেওঁৰ বিৰোধিতা কৰাসকলৰ ভিতৰত লি জে ম্যুং আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি । তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ দৌৰত অংশগ্ৰহণ কৰিছিল লীয়ে । ২০২২ চনৰ আৰম্ভণিতে তেওঁ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আছিল আৰু ইউনৰ বিৰুদ্ধে ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচনত পৰাস্ত হৈছিল ।
লীয়ে দক্ষিণ কোৰিয়াৰ আটাইতকৈ জনবহুল প্ৰদেশ গিয়েংগিৰ গৱৰ্ণৰ আৰু ছিয়ংনাম চহৰৰ মেয়ৰ হিচাপেও অধিষ্ঠীত হৈছিল । লীয়ে কয় যে তেওঁ দেশৰ অৰ্থনীতিৰ উন্নতি সাধন কৰাৰ বাবে কাম কৰিব ।
লগতে পঢ়ক : আমাক দোষ দিয়া বন্ধ কৰক, নিজৰ ভিতৰলৈ চাওক… শ্বাহবাজৰ মন্তব্যক লৈ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ