আই পি এল প্লে অফত কোন কাৰ মুখামুখি হ’ব ?
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ অন্তিমখন লীগ মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ক ৬ উইকেটত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষ ২ত উপনীত হৈছে । এই মেচখনৰ লগে লগে প্লে অফৰ সমগ্ৰ সমীকৰণ স্পষ্ট হৈ পৰিছে । মুম্বাই, আৰ চি বি, গুজৰাট আৰু পঞ্জাৱ কিংছে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে । এতিয়া প্লে অফত কোনটো দলে কাৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ?
পইণ্ট টেবুলৰ শেহতীয়া অৱস্থান-
এতিয়া ১৯ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে পঞ্জাব কিংছ । একে সময়তে ১৯ পইণ্টেৰে দ্বিতীয় স্থানত আছে আৰ চি বিও । পঞ্জাৱৰ ৰান ৰেট ভাল । সেইবাবেই দলটো প্ৰথম স্থানত আছে । একে সময়তে ১৮ পইণ্টেৰে তৃতীয় স্থানত গুজৰাট আৰু ১৬ পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই । উল্লেখ্য যে আই পি এলত শীৰ্ষ ২টা স্থানত থকা দলে ফাইনেল খেলাৰ দুটা সুযোগ পায় ।
প্লে অফত কোন কাৰ মুখামুখি হ’ব-
২৯ মে’ত অনুষ্ঠিত হ’ব আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰ । এই দিনটোত টেবুলৰ শীৰ্ষ দুটা দল অৰ্থাৎ পঞ্জাব কিংছ আৰু আৰ চি বি মুখামুখি হ’ব । এই খেলখন চণ্ডীগড়ত অনুষ্ঠিত হ’ব । জয়ী হোৱা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব কিন্তু পৰাজিত দলটোৱে আৰু এটা সুযোগ পাব ।
৩০ তাৰিখে তৃতীয় আৰু চতুৰ্থ স্থানৰ দলৰ মাজত সংঘৰ্ষ হ’ব । কোৱালিফায়াৰ ২ত যি দল পৰাস্ত হয় সেই দলৰ যাত্ৰা শেষ হ’ব । কিন্তু বিজয়ী দলটোৱে কোৱালিফায়াৰ-১ৰ পৰাজয়ী দলৰ বিৰুদ্ধে আন এখন মেচ খেলিব । এই মেচখন ১ জুনত আহমেদাবাদত অনুষ্ঠিত হ’ব । আনহাতে কোৱালিফায়াৰ-২ৰ বিজয়ী দলটোৱে ৩ জুনত ফাইনেল খেলিব ।
আৰ চি বি বনাম এল এছ জি-
টছত জয়লাভ কৰি আৰ চি বিয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । এই মেচখনত টিম ডেভিদ আৰু জোছ হেজলউডে খেলা নাছিল । প্ৰথমে বেটিং কৰিবলৈ ওলাই আহিল লক্ষ্ণৌ । পণ্টৰ অপৰাজিত ১১৮ ৰানৰ ভিত্তিত লক্ষ্ণৌৱে আৰ চি বিক ২২৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰ চি বিয়ে ১৯ নং অভাৰত জিতেশ শৰ্মাৰ ৮৫ ৰানৰ ধুমুহাময় অপৰাজিত ইনিংছৰ ভিত্তিত জয়লাভ কৰে ।
লগতে পঢ়ক : লক্ষ্ণৌত ঋষভ পণ্টৰ ধুমুহা… বেংগালুৰুৰ বিৰুদ্ধে ৫৪ টা বলত অৰ্জন কৰিলে শতক