পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা
সুখে কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিছে। পিতৃ-মাতৃ হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ।
দম্পতীহালে তেওঁলোকৰ জীৱনলৈ এটি কন্যা সন্তানক আদৰণি জনায়।এতিয়া অনুৰাগী আৰু বহু চেলিব্ৰিটিয়ে নতুন অভিভাৱক হোৱা দুয়োকে অভিনন্দন জনাইছে।
লগতে দম্পতীহালৰ কন্যাৰ প্ৰথমখন ছবি চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।
শ্বেৰ শ্বাহৰ তাৰকা গৰাকীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।ছবিখনত দুয়োৰে হাতত এযোৰ সৰু মোজা দেখা গৈছিল।
কিয়াৰাই ফটোখনৰ কেপচনত লিখিছিলে, “আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। সোনকালে আহি আছে।” ২০২৩ চনত তেওঁলোকৰ বিয়া হৈছিল আৰু প্ৰায় ২ বছৰৰ পিছত এতিয়া তেওঁলোক পিতৃ-মাতৃ হৈছে।
লগতে পঢ়ক: ‘মই কন্যা সন্তান বিচাৰিছো..’; তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে ৰিহানা
Post Views: 137