কিয়াৰা-সিদ্ধাৰ্থই প্ৰকাশ কৰিলে কন্যাৰ নাম; শ্বেয়াৰ কৰিলে প্ৰথমখন ফটো

কিয়াৰা-সিদ্ধাৰ্থই প্ৰকাশ কৰিলে কন্যাৰ নাম

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বলীউডৰ জনপ্ৰিয় দম্পতী সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে বিবাহ পাশত আৱদ্ধ হয়।

বিবাহৰ প্ৰায় ডেৰ বছৰৰ পিছত তেওঁলোকে ১৫ জুলাইত প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃত্ব লাভ কৰিছিল।এতিয়া প্ৰায় ৩ মাহৰ পিছত তেওঁলোকে নিজৰ কন্যাৰ প্ৰথম আভাস শ্বেয়াৰ কৰাৰ লগতে নামটোও প্ৰকাশ কৰিছে।

কিয়াৰা আদৱানীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ইনষ্টাগ্ৰামত কন্যাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছে,’আমাৰ প্ৰাৰ্থনাৰ পৰা, আমাৰ বাহুলৈকে।আমাৰ আশীৰ্বাদ, আমাৰ ৰাজকুমাৰী…ছাৰায়াহ মালহোত্ৰা।’

ছাৰায়াহ শব্দটো হিব্ৰু ভাষাৰ পৰা আহিছে।যাৰ অৰ্থ হৈছে,ঈশ্বৰৰ দ্বাৰা পথ প্ৰদৰ্শন পোৱা বা ঈশ্বৰৰ গোপনীয়তা অর্থাৎ এনে এগৰাকী ছোৱালী যি নিৰাপদ, সুৰক্ষিত আৰু আশীৰ্বাদেৰে আগুৰি থকা।

নামটোৰ অৰ্থৰ কথা ক’বলৈ গ’লে ই ৰাজকুমাৰীৰ দৰে।অৱশ্যে দম্পতীহালে কন্যাৰ নাম বা মুখ এতিয়াও প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: ‘তেওঁ মোৰ সকলো আছিল…’; স্বামীৰ মৃত্যুৰ ৩ দিন পিছত হেমা মালিনীৰ আৱেগিক পোষ্ট

পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা; কন্যা সন্তানক জনালে আদৰণি

পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা

সুখে কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিছে। পিতৃ-মাতৃ হ’ল বলীউডৰ জনপ্ৰিয় দম্পতী ।

দম্পতীহালে তেওঁলোকৰ জীৱনলৈ এটি কন্যা সন্তানক আদৰণি জনায়।এতিয়া অনুৰাগী আৰু বহু চেলিব্ৰিটিয়ে নতুন অভিভাৱক হোৱা দুয়োকে অভিনন্দন জনাইছে।

লগতে দম্পতীহালৰ কন্যাৰ প্ৰথমখন ছবি চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

শ্বেৰ শ্বাহৰ তাৰকা গৰাকীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।ছবিখনত দুয়োৰে হাতত এযোৰ সৰু মোজা দেখা গৈছিল।

কিয়াৰাই ফটোখনৰ কেপচনত লিখিছিলে, “আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। সোনকালে আহি আছে।” ২০২৩ চনত তেওঁলোকৰ বিয়া হৈছিল আৰু প্ৰায় ২ বছৰৰ পিছত এতিয়া তেওঁলোক পিতৃ-মাতৃ হৈছে।  

লগতে পঢ়ক: ‘মই কন্যা সন্তান বিচাৰিছো..’; তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে ৰিহানা

 সিদ্ধাৰ্থ-জাহ্নৱী অনুৰাগীৰ বাবে বেয়া খবৰ; পিছুৱাই দিয়া হ’ল ‘পৰম সুন্দৰী’ৰ মুক্তিৰ তাৰিখ

পিছুৱাই দিয়া হ’ল ‘পৰম সুন্দৰী’ৰ মুক্তিৰ তাৰিখ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ ছবি ‘পৰম সুন্দৰী’ক লৈ ব্যাপক চৰ্চা চলি আছে।কিন্তু অনুৰাগীসকলে ছবিখনৰ বাবে আৰু অলপ সময় অপেক্ষা কৰিব লাগিব।

এতিয়া ছবিখনৰ সন্দৰ্ভত এটা নতুন আপডেট ওলাইছে।য’ত এই ৰোমান্টিক-কমেডী ছবিখন কেতিয়া মুক্তি পাব সেয়া প্ৰকাশ পাইছে।

মন কৰিবলগীয়া যে ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ সময়ত ছবিখনৰ মুক্তিৰ তাৰিখ ২৫ জুলাই ২০২৫ বুলি কোৱা হৈছিল।

কিন্তু এতিয়া ছবিখনৰ সন্দৰ্ভত নতুন আপডেট ওলাইছে।সিদ্ধাৰ্থ আৰু জাহ্নৱীৰ এই ৰোমান্টিক কমেডী ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে।এতিয়া আগষ্ট মাহত মুক্তি পাব ছবিখন।

শেহতীয়াকৈ মুক্তি পোৱা ৰাজকুমাৰ ৰাওৰ ছবি ‘মালিক’ৰ সৈতে ‘পৰম সুন্দৰী’ৰ টিজাৰ প্ৰদৰ্শন কৰা হৈছে।ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ তথ্যও ওলাইছে।

যাৰ পৰা স্পষ্ট হৈ পৰিছে যে ‘পৰম সুন্দৰী’ এই আগষ্টত সমগ্ৰ বিশ্বৰ চিনেমা হলত মুক্তি পাব।অৱশ্যে ছবিখনৰ নতুন মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

আপোনালোকক জনাওঁ যে অজয় দেৱগানৰ ছবি ‘ছন অৱ চৰ্দাৰ ২’ ২০২৫ চনৰ ২৫ জুলাইত মুক্তি পাব।কোৱা হৈছে যে এই সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ সময় পিছুৱাই দিছে।

মে’ মাহত মুক্তি পাইছিল ‘পৰম সুন্দৰী’ৰ টিজাৰ।ইয়াত সিদ্ধাৰ্থক উত্তৰৰ আৰু জাহ্নৱীক দক্ষিণৰ ছোৱালী হিচাপে দেখুওৱা হৈছে।মেডকৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছে তুষাৰ জালোটাৰ।

লগতে পঢ়ক:প্ৰবীণ অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যু; ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

মাতৃ হ’বলৈ ওলাইছে কিয়াৰা আদৱানী; বিশেষ পোষ্টৰ জৰিয়তে কৰিলে ঘোষণা  

বলীউডৰ পৰা আহিছে এটা ভালখবৰ। অভিনেত্ৰী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই আনন্দেৰে ঘোষণা কৰিছে যে তেওঁলোক পিতৃ-মাতৃ হ’বলৈ ওলাইছে।

দুয়োৱে তেওঁলোকৰ প্ৰথম সন্তানক আদৰিবলৈ সাজু হৈছে। ২০২৩ চনত বিবাহ পাশত আৱদ্ধ হোৱা দম্পতীহালে ইনষ্টাগ্ৰামত কেঁচুৱাৰ এযোৰ মোজাৰ হৃদয়স্পৰ্শী ফটো শ্বেয়াৰ কৰিছে।

যিযোৰ কিয়াৰা আৰু সিদ্ধাৰ্থ দুয়োৱে ধৰি আছে। তেওঁলোকে পোষ্টটোৰ শিৰোনাম দিছিল, “আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ, সোনকালে আহি আছে।”

অৱশ্যে তেওঁলোকে তাৰিখ বা আন কোনো বিষয় প্ৰকাশ কৰা নাই।কিয়াৰা আৰু সিদ্ধাৰ্থৰ এই পোষ্টৰ পিছতে  , অনুৰাগী আৰু শুভাকাংক্ষীসকলে তেওঁলোকক সামাজিক মাধ্যমত অভিনন্দন জনাইছে।

এই ঘোষণাটো কেইবা মাহৰ জল্পনা-কল্পনাৰ অন্তত আহিছে। বিশেষকৈ ২০২৪ চনৰ ডিচেম্বৰত কিয়াৰাৰ খ্ৰীষ্টমাছ পোষ্টৰ পিছত, তেওঁৰ পোছাক পচন্দৰ বাবে গৰ্ভধাৰণৰ উৰাবাতৰি ওলাইছিল।

দম্পতীহালে এই নতুন অধ্যায়টো আৰম্ভ কৰাৰ লগে লগে, মনোৰঞ্জন আৰু উদ্যোগ জগতৰ লোকসকলে আপডেটৰ বাবে  অধিক অপেক্ষা কৰিছে।