খোৰামশ্বহৰ-৪ : আটাইতকৈ শক্তিশালী মিছাইলেৰে ইৰাণে আক্ৰমণ কৰিলে ইজৰাইল
ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে পশ্চিম এছিয়াৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে । তেহৰাণৰ ৩টা পাৰমাণৱিক স্থানত আমেৰিকাই আক্ৰমণ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ইৰাণে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰৰ নিক্ষেপ কৰি প্ৰতিশোধ লয় । ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত আহত হৈছে ৮৬ জন লোক । এই আক্ৰমণত বেন গুৰিয়ান বিমানবন্দৰৰ বিভিন্ন অট্টালিকা, জৈৱিক গৱেষণা কেন্দ্ৰ, লজিষ্টিক ঘাটি আৰু কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰক লক্ষ্য কৰি লোৱা হৈছিল । ইৰাণৰ এই আক্ৰমণত ৪০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।
ইৰাণৰ অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডে (আই আৰ জি চি) জনোৱা মতে, এই আক্ৰমণত ব্যৱহাৰ কৰা বহু ক্ষেপণাস্ত্ৰৰ ভিতৰত আছে মাৰাত্মক খোৰামশ্বাহৰ-৪ ক্ষেপণাস্ত্ৰ, যাক খেইবাৰ বুলিও কোৱা হয় । যাৰ নাম সপ্তম শতিকাত মুছলমানে জয় কৰা ইহুদী দুৰ্গৰ নামেৰে ৰখা হৈছে- যিটো বৰ্তমান চৌদি আৰৱত অৱস্থিত । এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰৰ পিছতে এতিয়া ইজৰাইলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । জানক এই মিছাইলৰ বিশেষত্ব-
-ইৰাণৰ চৰকাৰী প্ৰতিৰক্ষা প্ৰতিষ্ঠান এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজ অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰা ইৰাণৰ তৰল ইন্ধনযুক্ত, মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল হৈছে খোৰামশ্বহৰ-৪ ক্ষেপণাস্ত্ৰ ।
-২০১৭ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হৈছিল এই খোৰামশ্বহৰ-৪ ক্ষেপণাস্ত্ৰ । ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত তেহৰাণত অনুষ্ঠিত হোৱা সামৰিক পেৰেডত ইয়াক ৰাজহুৱাভাৱে প্ৰদৰ্শিত কৰা হৈছিল । পূৰ্বৰ সংস্কৰণতকৈ সৰু আৰু লঘু ৰি-এন্ট্ৰি ভেহিকল থকা খোৰামশ্বহৰৰ এটা সংস্কৰণ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেহৰাণত পেৰেড কৰা হৈছিল ।
-একাংশ প্ৰতিৰক্ষা বিশেষজ্ঞই কয় যে খেইবাৰ মিছাইল বুলিও জনাজাত খোৰামশ্বহৰ-৪ ক্ষেপণাস্ত্ৰ উত্তৰ কোৰিয়াৰ হৱাছং-১০ মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল (আই আৰ বি এম)ৰ প্ৰতিলিপি, যিটো পুৰণি ছোভিয়েট আৰ-২৭ (এছ এছ-এন-৬) ছাবমেৰিন-লঞ্চড বেলিষ্টিক মিছাইল (এছ এল বি এম)ৰ পৰিৱৰ্তিত সংস্কৰণ ।
-অৱশ্যে ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু উত্তৰ কোৰিয়াৰ অস্ত্ৰৰ মাজত স্পষ্ট পাৰ্থক্য আছে । ১৩ মিটাৰ দৈৰ্ঘ্যৰ খোৰামশ্বহৰ-৪ ক্ষেপণাস্ত্ৰ উত্তৰ কোৰিয়াৰ হৱাছংতকৈও ডাঙৰ । লগতে হৱাছং-১০ৰ দৰে খোৰামশ্বহৰত গ্ৰীড ফিন নাই । ইয়াৰ গাইডেন্স সঁজুলিবোৰ টেংকবোৰৰ ওপৰত এটা পৃথক ডবাত ৰখা হয় ।
-এই ক্ষেপণাস্ত্ৰই বায়ুমণ্ডলৰ বাহিৰত ১৬ মেক আৰু পুনৰ প্ৰৱেশৰ সময়ত মেক ৮ৰ গতি লাভ কৰিব পাৰে, যাৰ ফলত ই এক তীব্ৰবেগী ভাবুকি হৈ পৰে ।
-ইৰাণৰ মতে, এই ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ২০০০ কিলোমিটাৰ আৰু ১৮০০ কিলোগ্ৰাম ওজনৰ একাধিক ৱাৰহেড কঢ়িয়াই নিব পৰাকৈ সক্ষম । অৱশ্যে একাংশ বিশ্লেষকে কয় যে ইয়াৰ ৰেঞ্জ বহুত বেছি হ’ব পাৰে, ২৫০০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে ।
-এই ক্ষেপণাস্ত্ৰই লক্ষ্যস্থানত উপনীত হোৱাৰ লগে লগে ৮০টা লক্ষ্যক আক্ৰমণ কৰিবলৈ সক্ষম । উৰণৰ অন্তিম পৰ্যায়ত ৱাৰহেডে অতি তীব্ৰ বেগত নিজৰ লক্ষ্য পৃথক কৰি অতি নিখুঁতভাৱে আঘাত কৰে, যাৰ ফলত শত্ৰুৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ক্ষেপণাস্ত্ৰক ধৰা পেলোৱা, অনুসৰণ কৰা বা ফলপ্ৰসূভাৱে প্ৰতিহত কৰাটো কঠিন হৈ পৰে ।
-বিশ্লেষকসকলৰ মতে খোৰামশ্বহৰ-৪ ক্ষেপণাস্ত্ৰ ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে প্ৰকৃত ভাবুকি । আইৰণ ডোমে ইয়াক ৰোধ কৰিবলৈ অক্ষম । ইয়াৰ বাবে ডেভিদ স্লিং ব্যৱস্থা হয়তো সক্ষম ব্যৱস্থা হ’ব পাৰে, কিন্তু ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ কৰিবলৈ সমস্যাৰ সৃষ্টি হ’ব পাৰে । এৰো টু আৰু এৰো থ্ৰী উচ্চ উচ্চতাৰ ইন্টাৰচেপচন ব্যৱস্থা আটাইতকৈ ফলপ্ৰসূ হ’ব, কিন্তু তলৰ লক্ষ্যত উপনীত হোৱাৰ লগে লগে খোৰামশ্বাহৰ-৪ৰ পৰা নিয়োজিত একাধিক ৱাৰহেডক ধ্বংস কৰিবলৈ সংগ্ৰাম কৰিব লাগিব ।
লগতে পঢ়ক : কি হয় বি-২ ষ্টীলথ বোম্বাৰ… যাৰ জৰিয়তে ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাই চলাইছিল আক্ৰমণ