গুলীচালনাৰ ঘটনাক লৈ কপিল শৰ্মাৰ প্ৰতিক্ৰিয়া
ষ্টেণ্ডাপ কমেডিয়ান কপিল শৰ্মাই পত্নী গিন্নী চত্ৰথৰ সৈতে কানাডাত ৭ জুলাই তাৰিখে মুকলি কৰিছিল ‘কেপছ কেফে’।
কিন্তু বৃহস্পতিবাৰে কমেডিয়ানগৰাকীৰ কেফেত গুলীচালনাৰ ঘটনা সংঘটিত হয়।এই খবৰটোৱে সকলোকে আচৰিত কৰিছে।
খালিস্তানী সন্ত্ৰাসবাদী হাৰ্জিত সিং লাদীয়ে এই গুলীচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে। অৱশ্যে এই গুলীচালনাৰ ফলত কোনো লোক আহত হোৱা নাই। এতিয়া এই সমগ্ৰ ঘটনাক লৈ কপিলৰ দলটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কেপছ কেফেৰ দলটোৱে সামাজিক মাধ্যমত লিখিছে যে- আমি এই আশাৰে আমাৰ সমাজৰ মাজত এই কেফেখন খুলিছিলোঁ যে গ্ৰাহকসকলে একাপ সুন্দৰ কফিৰ সৈতে আড্ডা মাৰিব পাৰে।
আমাৰ এই সপোনত হিংসাৰ আক্ৰমণ হৃদয় বিদাৰক।আমি এই ঘটনাৰ পৰা আৰোগ্য লাভ কৰিবলৈ চেষ্টা কৰিছো।কিন্তু আমি হাৰ মানি নলও। আপোনালোক সকলোৰে সহযোগ আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ।
আপোনালোকৰ আস্থাৰ বাবেই এই কেফেখনৰ অস্তিত্ব আছে।আহক আমি একত্ৰিত হৈ হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰো।
আহক আমি নিশ্চিত কৰোঁ যে কেপছ কেফে শান্তি আৰু সম্প্ৰদায়ৰ স্থানত পৰিণত হয়।পোষ্টটোত লিখা আছে যে কেপছ কেফে অতি সোনকালে ঘূৰি আহিব।
গুলীচালনাৰ সন্দৰ্ভত কানাডাৰ আৰক্ষীয়ে কৈছে যে, ১০ জুলাইৰ দুপৰিয়া প্ৰায় ১.৩০ বজাত ১২০ নং ষ্ট্ৰীটৰ ৮৪০০ ব্লকত থকা কেফেখনত গুলীচালনাৰ খবৰ লাভ কৰে আৰক্ষীয়ে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক: কানাডাৰ কপিল শৰ্মাৰ কেফেত গুলীচালনা; খালিস্তানী সন্ত্ৰাসবাদীয়ে ললে দায়িত্ব