আজি ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইয়ে । ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ ৩০ তাৰিখে ন্যায়াধীশ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছিল । ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ হিচাবে প্ৰদান কৰিছিল । ন্যায়াধীশ গাভাইৰ কাৰ্যকাল হ’ব ৬ মাহৰ । ২৩ ডিচেম্বৰত অৱসৰ ল’ব তেওঁ ।
২০১৬ চনত বিমুদ্ৰাকৰণ সন্দৰ্ভত দিয়া সিদ্ধান্তৰ অংশ আছিল ন্যায়াধীশ বি আৰ গাভাই । য’ত কোৱা হৈছিল যে চৰকাৰৰ এই মুদ্ৰাক অবৈধ ঘোষণা কৰাৰ অধিকাৰ আছে । ইয়াৰ উপৰিও ন্যায়াধীশ গাভাই বুলডজাৰৰ ব্যৱস্থাৰ বিৰুদ্ধে দিয়া আদেশৰ অংশ আছিল আৰু নিৰ্বাচনী বণ্ডৰ সিদ্ধান্ত দিয়া বিচাৰপীঠৰো অংশ আছিল ।
ইফালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই মঙলবাৰে অৱসৰ গ্ৰহণ কৰে । ন্যায়াধীশ খান্নাই অৱসৰৰ পিছত কোনো চৰকাৰী পদত অধিষ্ঠিত নাথাকে যদিও আইন চৰ্চা কৰি যাব বুলি কয় ।
ভাৰতৰ দ্বিতীয় দলিত মুখ্য ন্যায়াধীশ-
ন্যায়াধীশ গাভাই দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ । তেওঁৰ পূৰ্বে ন্যায়াধীশ কে জি বালকৃষ্ণন ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছিল । ন্যায়াধীশ বালকৃষ্ণন ২০০৭ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ।
১৯৮৫ চনৰ ১৬ মাৰ্চৰ পৰা উকালতি আৰম্ভ কৰা ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই নাগপুৰ পৌৰ নিগম, আমৰাৱতী পৌৰ নিগম আৰু অমৰাৱতী বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং কাউন্সেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । ১৯৯২ চনৰ আগষ্টৰ পৰা ১৯৯৩ চনৰ জুলাইলৈকে বোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত সহকাৰী চৰকাৰী আবেদনকাৰী আৰু অতিৰিক্ত লোক অভিযোজক হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০০০ চনৰ ১৭ জানুৱাৰীত নাগপুৰ বিচাৰপীঠৰ চৰকাৰী উকীল আৰু লোক অভিযোজক হিচাপে নিযুক্তি লাভ কৰে ।
২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে তেওঁ । ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে গাভায়ে । ন্যায়াধীশ গাভাই উচ্চতম ন্যায়ালয়ৰ কেইবাখনো সংবিধান বিচাৰপীঠৰ অংশ আছিল যাৰ সিদ্ধান্তই যথেষ্ট প্ৰভাৱ পেলাইছিল । ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁ পাঁচজনীয়া সংবিধান বিচাৰপীঠৰ নেতৃত্ব দিছিল যিয়ে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ বাতিলৰ কেন্দ্ৰৰ সিদ্ধান্তক সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰিছিল ।