জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছে।
বুধবাৰে নিশা ভাৰতত পাকিস্তানী চলচ্চিত্ৰ জগতৰ বহু তাৰকাৰ একাউণ্ট ভাৰতত নিষিদ্ধ কৰা হৈছিল। তাৰ পিছত বৃহস্পতিবাৰে এতিয়া পাকিস্তানৰ তাৰকা জেভেলিন থ্ৰ’ খেলুৱৈ আৰ্ছাদ নাদীমৰ ইনষ্টাগ্ৰাম একাউণ্ট এক ‘আইনী অনুৰোধ’ৰ পিছত ভাৰতত ব্লক কৰি দিছে।
যি সকল পাকিস্তানী তাৰকা খেলুৱৈৰ ভাৰতত বিপুল সংখ্যক অনুৰাগী আছে চৰকাৰে সেইসকলৰ ইনষ্টাগ্ৰামৰ একাউণ্ট ভাৰতত নিষিদ্ধ কৰিছে।
ভাৰতত আৰ্শ্বদ নদীমৰ ইনষ্টাগ্ৰাম একাউণ্ট খুলিবলৈ চেষ্টা কৰা সকলে এই বাৰ্তা লাভ কৰিছে যে, ‘ভাৰতত এই একাউণ্টো উপলব্ধ নহয়। আইনী অনুৰোধৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।’
এই সপ্তাহৰ আৰম্ভণিতে কেইবাটাও পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিছিল ভাৰত চৰকাৰে।সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উত্তেজক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু,‘মিছা আৰু বিভ্ৰান্তিকৰ বক্তব্য দিয়া আৰু ভুল তথ্য বিয়পোৱাৰ’ বাবে ভাৰতত সেই চেনেল সমূহ নিষিদ্ধ কৰা হৈছিল।
পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ শ্বোৱেইব আখতাৰ, বাসিত আলী আৰু শ্বাহিদ আফ্ৰিদীৰ ইউটিউব একাউণ্ট ভাৰতত ব্লক কৰা হৈছে।