জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰুৱে কৰিব পদত্যাগ
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (এল ডি পি)ত বিভাজনৰ পৰা হাত সাৰিবলৈ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে । ইছিবাৰ পদত্যাগ প্ৰধানমন্ত্ৰী হোৱাৰ এবছৰৰ ভিতৰত হ’বলৈ গৈ আছে । জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত এল ডি পিয়ে পৰাজয়ৰ সন্মুখীন হৈছিল । তেতিয়াৰ পৰাই তেওঁৰ পদত্যাগৰ দাবী বাঢ়িবলৈ ধৰে । অৱশ্যে ইছিবাই কেতিয়া পদত্যাগ কৰিব সেই কথা কোৱা নাই ।
ইছিবা যোৱা বছৰৰ অক্টোবৰ মাহত জাপানৰ প্ৰধানমন্ত্ৰী হৈছিল । বিগত এমাহ ধৰি তেওঁ নিজৰ দলৰ ভিতৰতে সোঁপন্থী বিৰোধীৰ দাবীৰ বিৰোধিতা কৰি আহিছে । জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত ইছিবাৰ শাসকীয় মিত্ৰজোঁটে ২৪৮খন আসনৰ উচ্চ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় ।
এল ডি পিয়ে নিজৰ নতুন নেতা নিৰ্বাচন কৰিব-
সোমবাৰে লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতৃত্বৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল । এই বিষয়ত সিদ্ধান্ত লোৱাৰ এদিন আগতে পদত্যাগৰ খবৰ প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে । ইছিবাৰ পদত্যাগ অনুমোদন হ’লে এয়া তেওঁৰ বিৰুদ্ধে এক প্ৰকাৰৰ অনাস্থা প্ৰস্তাৱ হ’ব ।
ইছিবাৰ পদত্যাগৰ পিছত এল ডি পিয়ে উত্তৰাধিকাৰী নিৰ্বাচন নকৰালৈকে জাপানত ৰাজনৈতিক অনিশ্চয়তা সৃষ্টি হ’ব । বহু এল ডি পি সাংসদে নিজকে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে । অৱশ্যে দলৰ যিকোনো সাংসদৰ প্ৰাৰ্থীত্বৰ বাবে আন কমেও ২০ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব ।
লগতে পঢ়ক : অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি