দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা পদত্যাগ কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰত স্বাস্থ্যজনিত কাৰণ আৰু চিকিৎসাৰ পৰামৰ্শৰ কথা উল্লেখ কৰি সংবিধানৰ ৬৭ (ক) অনুচ্ছেদৰ অধীনত পদত্যাগ কৰাৰ কথা ঘোষণা কৰে তেওঁ । ৰাষ্ট্ৰপতি মুৰ্মুলৈ প্ৰেৰণ কৰা পত্ৰত জগদীপ ধনখড়ে লিখিছে, ‘স্বাস্থ্যক অগ্ৰাধিকাৰ দি আৰু চিকিৎসকৰ পৰামৰ্শ পালন কৰি মই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছো ।’ তেখেতে ৰাষ্ট্ৰপতিৰ সহযোগিতা আৰু আন্তৰিক সম্পৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক সহযোগিতা আৰু পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
জগদীপ ধনখড়ে পদত্যাগ পত্ৰত লিখিছে, ‘সংসদৰ সকলো সন্মানীয় সদস্যৰ পৰা যি মৰম, বিশ্বাস আৰু সন্মান লাভ কৰিলোঁ, সেয়া আজীৱন মোৰ হৃদয়ত থাকিব ।’ উপ-ৰাষ্ট্ৰপতি হিচাপে নিজৰ কাৰ্যকাল স্মৰণ কৰি তেওঁ কয়, ‘এই মহান গণতন্ত্ৰত উপ-ৰাষ্ট্ৰপতি হিচাপে মই যি অভিজ্ঞতা আৰু দৃষ্টিভংগী লাভ কৰিছো তাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ । ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু অভূতপূৰ্ব পৰিৱৰ্তনশীল পৰ্যায়ৰ সাক্ষী হোৱাটো মোৰ বাবে সৌভাগ্য আৰু সন্তুষ্টিৰ বিষয় হৈ পৰিছে ।’ ভাৰতৰ গোলকীয় উত্থান আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতি অদম্য বিশ্বাস প্ৰকাশ কৰি তেওঁ পদত্যাগ পত্ৰৰ অন্ত পেলায় ।
২০২২ চনত ভাৰতৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জগদীপ ধনখড়ে ২০২২ চনৰ ৬ আগষ্টত অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিছিল । মুঠ ৭২৫ টা ভোটৰ ভিতৰত ধনখড়ে ৫২৮ টা ভোট লাভ কৰাৰ বিপৰীতে মাৰ্গাৰেট আলভাই ১৮২ টা ভোট লাভ কৰিছিল । উপ-ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ পশ্চিম বংগৰ ৰাজ্যপাল আছিল । ১৯৫১ চনৰ ১৮ মে’ত ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জগদীপ ধনখড়ে । গাঁৱৰ স্কুলৰ পৰাই তেওঁ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল । ইয়াৰ পিছত বৃত্তি লাভ কৰি চিত্তোৰগড় সৈনিক বিদ্যালয়ত পঢ়িবলৈ যায় । ধনখড় নেশ্যনেল ডিফেন্স একাডেমীলৈ নিৰ্বাচিত হৈছিল যদিও তেওঁ নামভৰ্তি কৰা নাছিল ।
জয়পুৰ মহাৰাজা কলেজৰ পৰা বি এছ চি (অনাৰ্ছ) ডিগ্ৰী লাভ কৰাৰ লগতে ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰে তেওঁ । তাৰ পিছত জয়পুৰত থাকি আইন চৰ্চা আৰম্ভ কৰা ধনখড় ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এজন সুপৰিচিত অধিবক্তা আছিল । ১৯৭৯ চনত ধনখড় ৰাজস্থান বাৰ কাউন্সিলৰ সদস্য হয় । ১৯৯০ চনৰ ২৭ মাৰ্চত ৰাজস্থান উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হয় তেওঁ । একে সময়তে তেওঁ উচ্চতম ন্যায়ালয়তো প্ৰেকটিছ কৰি আছিল । ১৯৮৭ চনত ৰাজস্থান হাইকোৰ্ট বাৰ এছ’চিয়েশ্যনৰ সভাপতি হিচাপেও নিৰ্বাচিত হয় তেওঁ ।
লগতে পঢ়ক : ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে চলিব মহাভিযোগ প্ৰক্ৰিয়া; প্ৰস্তাৱত স্বাক্ষৰ ২০৮জন সাংসদৰ