গগণযান প্ৰকল্পত ডাঙৰ সফলতা
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেওবাৰে গগণযান অভিযানৰ বাবে বিকশিত কৰা পেৰাচুট ভিত্তিক ডিচিলেৰেচন চিষ্টেম পৰীক্ষাৰ বাবে প্ৰথমটো ইন্টিগ্ৰেটেড এয়াৰ ড্ৰপ টেষ্ট (আই এ ডি টি-০১) সফলতাৰে সমাপ্ত কৰে । পেৰাচুট ভিত্তিক মন্থৰতা ব্যৱস্থাই ক্ৰু মডিউলটো পৃথিৱীত নিৰাপদে অৱতৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
প্ৰকাশিত এক তথ্য অনুসৰি ইছৰোৰ এজন বিষয়াই কয় যে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ ওচৰত এই পৰীক্ষণ কৰা হৈছে । এই পৰীক্ষণ ইছৰো, ভাৰতীয় বায়ুসেনা, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’), ভাৰতীয় নৌসেনা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ যৌথভাৱে পৰিচালনা কৰিছিল ।
ভাৰতৰ মহাকাশচাৰীসকলক মহাকাশলৈ পঠিয়াই নিৰাপদে ঘূৰাই অনাৰ ক্ষমতাক প্রমাণ কৰাটোৱেই গগণযান প্রকল্পৰ লক্ষ্য ৷ এয়া হ’ব ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণ কাৰ্যসূচী, য’ত ক্ৰুৰ সুৰক্ষাৰ সৈতে জড়িত জটিল ব্যৱস্থাসমূহ পৰীক্ষাৰ বাবে পূৰ্ব পৰিকল্পিত মানৱবিহীন অভিযানো অন্তৰ্ভুক্ত কৰা হ’ব ।
লগতে পঢ়ক : Oppoৰ ওপৰত Apple ৰ বাণিজ্যিক গোপনীয়তা চুৰি কৰাৰ অভিযোগ উত্থাপন