আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ
আগন্তুক তিনিমাহৰ ভিতৰত নাছা-ইছৰোৰ যৌথ অভিযান NISARএ কাম আৰম্ভ কৰিব । ২০২৫ চনৰ ৩০ জুলাইত উৎক্ষেপণৰ পিছত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰে (NISAR) এটা এটাকৈ ইয়াৰ বিভিন্ন অংশ সক্ৰিয় কৰি আছে । ইয়াৰ ৩৯ ফুট বহল ৰাডাৰ এন্টেনা ৰিফ্লেক্টৰ ১৫ আগষ্টত মুকলি কৰা হৈছে । এই উপগ্ৰহটোৱে পৃথিৱীৰ ভূমি, বৰফ, অৰণ্য আৰু অট্টালিকাৰ প্ৰতিটো সৰু-বৰ গতি নিবিড়ভাৱে নিৰীক্ষণ কৰিব । ইয়াৰ উপৰিও ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ দৰে পৰিৱৰ্তনৰ তথ্যও অনুসৰণ কৰিব ।
NISAR হৈছে এনে এক অনন্য উপগ্ৰহ যিয়ে পৃথিৱীৰ পৃষ্ঠভাগ পূৰ্বতকৈ অধিক নিবিড়ভাৱে নিৰীক্ষণ কৰিব । ইয়াৰ এল-বেণ্ড আৰু এছ-বেণ্ড ৰাডাৰ চিষ্টেম অন কৰা হৈছে । এই দুয়োটা ব্যৱস্থাই একেলগে বন, নিয়ৰ, মাটিৰ আৰ্দ্ৰতা আৰু মাটিৰ গতিবিধি জুখিব । এই উপগ্ৰহটোৱে পৃথিৱীৰ বেছিভাগ অংশ প্ৰতি ১২ দিনৰ মূৰে মূৰে দুবাৰকৈ স্কেন কৰিব, যাৰ ফলত অৰণ্য, বৰফৰ পৃষ্ঠ আৰু অট্টালিকাৰ পৰিৱৰ্তনৰ সঠিক তথ্য আমি লাভ কৰাত সহায়ক হ’ব ।
ডাৱৰ আৰু বৰষুণৰ মাজতো দিনে নিশাই কাম কৰিব পাৰে NISAR ৰাডাৰে । এল-বেণ্ড ৰাডাৰে বনাঞ্চলৰ ভিতৰৰ মাটি আৰু জৈৱবস্তু জুখিব, আনহাতে এছ-বেণ্ড ৰাডাৰে সৰু গছ-গছনি, কৃষি আৰু আৰ্দ্ৰতাক চাব । ইয়াৰ উপৰিও ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ আগত আৰু পিছত হোৱা সৰু সৰু মাটিৰ গতিবিধি (কেইবামিলিমিটাৰ পৰ্যন্ত) ধৰি ৰাখিব । অহা কেইসপ্তাহমানৰ ভিতৰত উপলব্ধ হ’ব বৈজ্ঞানিক মানৰ ছবি । ৯০ দিনৰ পাছত সম্পূৰ্ণ বৈজ্ঞানিক কাম আৰম্ভ হ’ব ।
ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব-
ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ নিদৰ্শন হৈছে NISAR । ইছৰোৱে এছ-বেণ্ড ৰাডাৰ আৰু চেটেলাইট বাছ নিৰ্মাণ কৰাৰ বিপৰীতে নাছাই এল-বেণ্ড ৰাডাৰ, এণ্টিনা আৰু ডাটা চিষ্টেম যোগান ধৰিছিল । সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা এই উপগ্ৰহটো এতিয়া ৭৪৭ কিলোমিটাৰ কক্ষপথত । ইছৰোৰ টেলিমেট্ৰি, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্কে ইয়াক নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে নাছাৰ জেট প্ৰপালচন লেবৰেটৰী (জে পি এল) আৰু গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰে এই তথ্য পৰিচালনা কৰি আছে ।
নিছাৰৰ তথ্য কেৱল বিজ্ঞানীৰ বাবেই নহয়, সাধাৰণ জনতাৰ বাবেও উপকাৰী হ’ব । ই বান, ভূমিকম্প আৰু বনাঞ্চলৰ অৱস্থা বুজি পোৱাত সহায় কৰিব, যাৰ ফলত দুৰ্যোগ ব্যৱস্থাপনা আৰু পৰিৱেশ সুৰক্ষাৰ উন্নতি ঘটিব ।
লগতে পঢ়ক : মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই