ISRO আৰু ROSCOSMOS এ বিশ্বক জনাব প্ৰত্যাহ্বান
ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বই এতিয়া মহাকাশত এক নতুন ইতিহাস লিখিবলৈ গৈ আছে।ভাৰতীয় মহাকাশ সংস্থা ISRO আৰু ৰাছিয়াৰ মহাকাশ সংস্থা ROSCOSMOS এ এতিয়া একেলগে বৃহৎ মহাকাশ কাৰ্যসূচী সম্পন্ন কৰিবলৈ ওলাইছে।
ভাৰত আৰু ৰাছিয়াৰ এই শীৰ্ষ মহাকাশ সংস্থাসমূহে এতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত এক নতুন প্ৰত্যাহ্বান দাঙি ধৰিবলৈ ওলাইছে।
ভাৰতে এই দিশত আগ্ৰহ প্ৰকাশ কৰি ৰাছিয়াৰ কোম্পানীসমূহক দেশত উদ্ভাৱনী মহাকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ আৰু ভাৰতৰ বিশাল বজাৰৰ সুবিধা ল’বলৈ পোনপটীয়াকৈ আমন্ত্ৰণ কৰিছে।
এই তথ্য ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে দিছে।ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ভাৰতীয় দূতাবাসত আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় ভাৰত চৰকাৰে মহাকাশ উদ্যোগত অনুকূল আৰু সহায়ক পৰিবেশ সৃষ্টি কৰিবলৈ কেইবাখনো আকৰ্ষণীয় আঁচনি আৰু নীতি প্ৰৱৰ্তন কৰিছে।
ৰাষ্ট্ৰদূত বিনয় কুমাৰে কয় যে মহাকাশ খণ্ডত ভাৰত আৰু ৰাছিয়াৰ মাজত দশক দশক ধৰি গভীৰ সহযোগিতাত আছে।
এই সহযোগিতাৰ প্ৰধান মুহূৰ্তসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় ১৯৭৫ চনত ভাৰতে ছোভিয়েট ৰাছিয়াৰ সহযোগত প্ৰথম উপগ্ৰহ ‘আৰ্যভট্টা’ উৎক্ষেপণ কৰে।
ইয়াৰ পিছত ১৯৮৪ চনত সোয়ুজ টি-১১ মহাকাশযানৰ জৰিয়তে ভাৰতীয় পাইলট ৰাকেশ শৰ্মাই মহাকাশলৈ যাত্ৰা কৰে, যিটো সেই সময়ত এক বৃহৎ সাফল্য আছিল।বৰ্তমান গগণযান মানৱ মহাকাশ মিছনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পতো দুয়োখন দেশৰ মাজত সহযোগিতা চলি আছে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সহযোগত কাম কৰি থকা ৰাছিয়াৰ মহাকাশ সংস্থা ROSCOSMOSৰ বিষয়া আৰু বিশেষজ্ঞসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ISRO আৰু ROSCOSMOSৰ এই অংশীদাৰিত্বৰ গুৰুত্ব আৰু ইয়াৰ ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে এই কথাও আঙুলিয়াই দিয়ে যে মহাকাশ উদ্যোগটো আধুনিক বাণিজ্যিক খণ্ড হ’লেও,কিন্তু মহাকাশৰ লগত জড়িত পৰম্পৰা আৰু জ্ঞান ভাৰতীয় সভ্যতাত বৈদিক যুগৰ পৰাই বিদ্যমান।
তেওঁ কয় যে আৰ্যভট্টৰ দৰে প্ৰাচীন পণ্ডিতসকলে আকাশী পদাৰ্থৰ গতি আৰু মানৱ জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল।
বিনয় কুমাৰে কয় যে আজি মহাকাশ প্ৰযুক্তি যোগাযোগ, যাতায়ত, বতৰ পূৰ্বাভাস, দুৰ্যোগ ব্যৱস্থাপনা, আৰু দৈনন্দিন জীৱনৰ আন বহু ক্ষেত্ৰত আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।
তেওঁ লগতে কয় যে ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে দেশৰ প্ৰযুক্তিগত উন্নতিত অৰিহণা যোগোৱাই নহয় বিশ্ব পৰ্যায়তো ইয়াক স্বীকৃতি প্ৰদান কৰিছে।
লগতে পঢ়ক: গগণযান প্ৰকল্পত ডাঙৰ সফলতা… ইছৰোৰ পেৰাচুট ব্যৱস্থাৰ প্ৰথম এয়াৰ-ড্ৰপৰ সফল পৰীক্ষণ