হিজবুল্লাহৰ শীৰ্ষ সেনাধ্যক্ষ নিহত
ইজৰাইলী সেনাই এক বৃহৎ সফলতা লাভ কৰিছে । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে শ্বাকিফ অঞ্চলত হিজবুল্লাহৰ ৰকেট আক্ৰমণৰ অধিনায়ক মহম্মদ আলী জামুল বিমান আক্ৰমণত মৃত্যু হোৱা বুলি দাবী কৰিছে ।
দক্ষিণ লেবাননৰ ডেইৰ আল জাহৰানী অঞ্চলত আই ডি এফে বিমান আক্ৰমণত হিজবুল্লাহৰ এজন শীৰ্ষ সেনাধ্যক্ষক হত্যা কৰে বুলি জনাইছে । দীৰ্ঘদিন ধৰি সংগঠনটোৰ কমাণ্ডাৰ জামুলে ৰকেট আক্ৰমণ চলাই আহিছিল, য’ত আই ডি এফৰ বহু জোৱান আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হৈছিল ।
কিছুদিন ধৰি সংগঠনটোৱে পুনৰ এবাৰ নিজৰ ধ্বংসপ্ৰাপ্ত গাঁথনি আৰু নেটৱৰ্ক শক্তিশালী কৰাৰ কামত নিয়োজিত হৈ পৰিছিল । এনে পৰিস্থিতিত আই ডি এফৰ এই আক্ৰমণক মাষ্টাৰষ্ট্ৰ’ক বুলি গণ্য কৰা হৈছে ।
🔴 ELIMINATED: Mohammad Ali Jamoul, the Shaqif region commander of Hezbollah's rocket array in the area of Deir al-Zahrani in southern Lebanon, was eliminated by the IDF.
— Israel Defense Forces (@IDF) May 31, 2025
Throughout the war, Jamoul advanced numerous projectile attacks toward Israeli civilians and IDF troops,… pic.twitter.com/wjD81c4bDe
আই ডি এফে কয় যে হিজবুল্লাহৰ অধিনায়ক জামুলৰ কাৰ্যকলাপে লেবানন আৰু ইজৰাইলৰ মাজত হোৱা চুক্তি উলংঘা কৰিছিল ।
ইজৰাইলে পুনৰবাৰ স্পষ্ট কৰি দিছে যে নিজৰ নাগৰিকৰ স্বাৰ্থ আৰু সুৰক্ষাৰ বাবে যিকোনো ভাবুকি দূৰ কৰাৰ বাবে দেশখনে ব্যৱস্থা গ্ৰহণ কৰি যাব ।
ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজত গাজা যুদ্ধবিৰতি চুক্তি ওচৰ চাপিছে আৰু অতি সোনকালে ঘোষণা হ’ব পাৰে বুলি তেওঁ কয় ।
লগতে পঢ়ক : PAKৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ কূটনৈতিক জয়; শশী থাৰুৰৰ ষ্ট্ৰাইকৰ পিছত সুৰ সলনি কলম্বিয়াৰ