ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইল নিক্ষেপ
ইজৰাইল আৰু ইৰাণৰ মাজত তীব্ৰতৰ হৈ পৰিছে যুদ্ধ। ইজৰাইলৰ ‘অপাৰেচন ৰাইজিং লায়ন’ৰ উত্তৰত ইৰাণেও অপাৰেচন ‘ট্ৰু প্ৰমিজ ৩’ আৰম্ভ কৰিছে
ইয়াৰ অধীনত গভীৰ নিশা টেল এভিভ আৰু জেৰুজেলামত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। ইয়াৰ পিছত ইজৰাইলে পুনৰ ইৰাণৰ ওপৰত বিমান আক্ৰমণ আৰম্ভ কৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত ইৰাণৰ সামৰিক আৰু পাৰমাণৱিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লয়।
য’ত ইৰাণৰ যথেষ্ট লোকচান হৈছে। ইৰাণত ৭৮ জন লোকৰ মৃত্যু হৈছে। দুয়োখন দেশৰ মাজত এতিয়া যুদ্ধ অব্যাহত আছে।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে কয় যে ‘অপাৰেচন ট্ৰু প্ৰমিজ’ মেজৰ জেনেৰেল মহম্মদ বাঘেৰী, আই আৰ জি চিৰ মুৰব্বী মেজৰ জেনেৰেল হোছেইন চালামি আৰু আই আৰ জি চিৰ এৰ’স্পেচ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল আমিৰ আলী হাজিজাদেকে ধৰি কেইবাজনো ইৰাণী বিষয়াৰ হত্যাৰ প্ৰতিশোধ।
ইৰাণৰ আক্ৰমণৰ পিছতে টেল এভিভত হাহাকাৰ
ইৰাণ আৰু মিত্ৰশক্তিৰ মিছাইল নিক্ষেপৰ পিছত ইজৰাইলে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি ক্ষেপণাস্ত্ৰ বিফল কৰিবলৈ আৰম্ভ কৰিছে।কিন্তু ইৰাণে ১৫০ৰো অধিক ক্ষেপণাস্ত্ৰৰে ইয়াৰ প্ৰত্যুত্তৰত আক্ৰমণ কৰে।
ইৰাণৰ মিছাইল নিক্ষেপত ৰাজধানী টেল এভিভৰ বহু ক্ষতিসাধন হৈছে। বহু লোক আহত হোৱাৰো খবৰ আহিছে।টেল এভিভত এতিয়া উত্তেজনাই বিৰাজ কৰিছে।
যুদ্ধক লৈ কি ক’লে নেতান্যাহুৱে
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে যে, ইজৰাইলৰ সামৰিক অভিযানৰ উদ্দেশ্য হৈছে ইজৰাইলৰ প্ৰতি থকা পাৰমাণৱিক ভাবুকি আৰু বেলিষ্টিক মিছাইলৰ ভাবুকি দূৰ কৰা।
ইৰাণে পুনৰ ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছে ক্ষেপণাস্ত্ৰ
ইৰাণে পুনৰবাৰ ইজৰাইলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে।উত্তৰ ইজৰাইলত ইৰাণৰ পৰা মিছাইলেৰে আক্ৰমণ কৰা হৈছে।
বোমাৰ পৰা হাত সাৰিবলৈ মানুহক আশ্ৰয় শিবিৰলৈ যাবলৈ আহ্বান জনোৱা হৈছে।ইৰাণৰ মিছাইলক ইজৰাইলৰ নিৰাপত্তা ব্যৱস্থাই বাধা দিবলৈ চেষ্টা কৰিছে।
আমেৰিকাই সামৰিক সম্পদ মধ্যপ্ৰাচ্যলৈ স্থানান্তৰিত কৰিছে
ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ মাজতে আমেৰিকাই তেওঁলোকৰ সামৰিক সম্পদ মধ্যপ্ৰাচ্যলৈ স্থানান্তৰিত কৰিছে। লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক কঠোৰ সতৰ্কবাণী দিছে।
ট্ৰাম্পে কয় যে আমেৰিকাই বিশ্বৰ আটাইতকৈ মাৰাত্মক অস্ত্ৰ নিৰ্মাণ কৰে আৰু ইজৰাইলৰ হাততো বহুতো অস্ত্ৰ আছে।ট্ৰাম্পে লগতে কয় যে ইৰাণে এতিয়াও চুক্তিত উপনীত হোৱাৰ দ্বিতীয়টো সুযোগ পাব পাৰে।
লগতে পঢ়ক: তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ; সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ