টেল আভিভত ইৰাণৰ ধ্বংসলীলা
এসপ্তাহৰ পাছতো শাম কটা নাই ইজৰাইল-ইৰাণৰ উত্তজনাময় পৰিস্থিতিৰ । বৃহস্পতিবাৰে পুৱাই ইৰাণে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ইজৰাইলৰ ৰাজধানী টেল আভিভত ধ্বংসলীলাৰ সৃষ্টি কৰে । ইৰাণৰ দ্বাৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই ইজৰাইলৰ দক্ষিণ অংশৰ মূল চিকিৎসালয় ছ’ৰোকা মেডিকেল চেণ্টাৰক পোনপটীয়াকৈ লক্ষ্য কৰি লয় । এই আক্ৰমণত চিকিৎসালয়খনৰ বহু অংশৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহু লোক আহত হয় । ইৰাণে ইজৰাইলৰ ষ্টক এক্সচেঞ্জকো ক্ষতিগ্ৰস্ত কৰা বুলি খবৰ প্ৰকাশ পাইছে ।
টেল আভিভৰ ছ’ৰোকা হাস্পতালত ইজৰাইলৰ দক্ষিণ অঞ্চলৰ প্ৰায় ১০ লাখ লোকক স্বাস্থ্য সেৱা প্ৰদান কৰা হয় আৰু ইয়াত এহেজাৰৰো অধিক বিচনা আছে । এই আক্ৰমণৰ পিছত চিকিৎসালয়খনে চিকিৎসাৰ বাবে নাহিবলৈ সাধাৰণ ৰাইজক অনুৰোধ জনাইছে । এই আক্ৰমণত চিকিৎসালয়খনৰ লগতে একাংশ আৱাসিক অট্টালিকাও ক্ষতিগ্ৰস্ত হয় । এই আক্ৰমণত কিমান লোকে প্ৰাণ হেৰুৱাইছে সেয়া স্পষ্ট নহয় । কিন্তু টাইমছ অৱ ইজৰাইলৰ তথ্য অনুসৰি ৩ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে ২০ জন সামান্য আঘাতপ্ৰাপ্ত হৈছে ।
ছ’ৰোকা হাস্পতালৰ এটা মহলাত ক্ষেপণাস্ত্ৰই আঘাত কৰাৰ লগে লগে ৰোগীসকলক ক্ষীপ্ৰতাৰে উলিয়াই অনা হয় । কালিয়েই বহু ৰোগীক উলিয়াই অনা হৈছিল, যাৰ ফলত বহু লোকৰ প্ৰাণ ৰক্ষা পৰে ।
ইৰাণৰ বেলিষ্টিক মিছাইলৰ বাবে চিকিৎসালয়খন কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে আৰু অট্টালিকাটোৰ চাৰিওফালে ক’লা ধোঁৱা কেনেকৈ বিয়পি পৰিছিল সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
লগতে পঢ়ক : ‘যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…’; ইৰাণে দিলে সকিয়নী