ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । ভাৰতৰ পৰাক্ৰমৰ আগত নতশিৰ হৈ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়ে পাকিস্তানে । ইয়াৰ পাছতে ভাৰতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে । এই কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰথমে নিশ্চিত কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । এনে পৰিস্থিতিত এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শীঘ্ৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে ।
উল্লেখ্য যে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ বাবে শুকুৰবাৰে এসপ্তাহৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল । অৱশ্যে এই প্ৰতিযোগিতাখন পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নগ’ল । কিন্তু এতিয়া শেহতীয়া পৰিস্থিতিৰ পিছত অনুমান কৰা হৈছে যে বি চি চি আইয়ে অতি সোনকালে এই সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিব পাৰে ।
৫৭ খন মেচ খেলা হৈছে, ৫৮ সংখ্যক মেচ মাজভাগত স্থগিত-
২০২৫ চনৰ আই পি এলত মুঠ ৫৭খন মেচ অনুষ্ঠিত হয় । ৮ মে’ত ধৰমশালাত পঞ্জাব কিংছ (পি বি কে এছ) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত ৫৮ সংখ্যক মেচখন অনুষ্ঠিত হৈছিল যদিও মাত্ৰ ১০.১ অভাৰৰ অন্তত খেলখন বন্ধ হৈ পৰে । এই মেচখন পুনৰ অনুষ্ঠিত হ’ব নে নহয় সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । ৮ মে’ত যেতিয়া মেচখন বন্ধ হৈছিল তেতিয়া পঞ্জাব কিংছে ১০.১ অভাৰত ১ উইকেট হেৰুৱাই ১২২ ৰান সংগ্ৰহ কৰিছিল । প্ৰিয়ংশ আৰ্য্যই ৫টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৩৪টা বলত ৭০ ৰান সংগ্ৰহ কৰে । প্ৰভসিমৰণ সিঙে ২৮টা বলত ৫০ ৰান আৰু শ্ৰেয়াছ আয়েৰে ০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছিল ।
এতিয়া লীগ পৰ্যায়ত মাত্ৰ ১২খন মেচ বাকী আছে, তাৰ পিছত প্লে অফৰ ৪খন মেচ থাকিব । পূৰ্বৰ সূচী অনুসৰি কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ হায়দৰাবাদত অনুষ্ঠিত হ’ব, আনহাতে কোৱালিফায়াৰ ২ আৰু ফাইনেল কলকাতাত অনুষ্ঠিত হ’ব ।