আজি নিৰ্ণয় হ’ব আই পি এলৰ দ্বিতীয় ফাইনেলিষ্ট
আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ কোৱালিফায়াৰ ২ মেচত মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মুখামুখি হ’ব পাঞ্জাব কিংছ (পি বি কে এছ) । এই মেচখন ছেমি ফাইনেলৰ দৰে হ’ব, য’ত দুয়োটা দলৰ পৰাজয়ৰ অৰ্থ হ’ব প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱা । ৩ জুনত ফাইনেলত পোনপটীয়াকৈ আৰ চি বিৰ বিৰুদ্ধে খেলিব বিজয়ী দলটোৱে ।
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে একপক্ষীয় কোৱালিফায়াৰ ১ত ৮ উইকেটত পৰাস্ত হৈ পঞ্জাব কিংছৰ আত্মবিশ্বাস কিছু কমি গৈছে । এতিয়া অধিনায়ক শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন দলটোৱে আই পি এলৰ প্ৰথম খিতাপ জয়ৰ আশাত মৰণপন যুঁজত অৱতীৰ্ণ হ’ব ।
আনহাতে মুম্বাই ইণ্ডিয়ানছে এলিমিনেটৰত গুজৰাট টাইটানছক পৰাস্ত কৰি ষষ্ঠটো খিতাপৰ দিশে আৰু এখোজ আগুৱাই গৈছে । ইতিহাসে দেখুৱাইছে যে পঞ্জাৱ কিংছ আৰু অন্যান্য দলতকৈ আই পি এল নকআউটৰ এই পৰ্যায়ত খেলাৰ অভিজ্ঞতা মুম্বাই ইণ্ডিয়ানছৰ বেছি আৰু এইটোৱেই হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন দলটোক এই মেচত সামান্য সুবিধা প্ৰদান কৰিছে ।
একে সময়তে পঞ্জাব কিংছৰ হৈ অধিনায়ক আয়াৰ আৰু প্ৰশিক্ষক ৰিকি পণ্টিঙৰ মিছন হ’ব নিজৰ দলটোক পূৰ্বৰ পৰাজয়ৰ পৰা উদ্ধাৰ কৰি পুনৰ শক্তিশালী কৰা, বিশেষকৈ বলিং আক্ৰমণত । অৰ্শদীপ সিঙৰ ওপৰত অতিৰিক্ত চাপ স্পষ্টকৈ দেখা পোৱাৰ বিপৰীতে মাৰ্কো জেন্সেন আৰু আই পি এলৰ সৰ্বোচ্চ উইকেট দখলকাৰী যুজবেন্দ্ৰ চাহালৰ অনুপস্থিতিয়ে আৰ চি বিৰ বিৰুদ্ধে পি বি কে এছৰ বলিং আক্ৰমণে সংগ্ৰাম কৰিবলগা হৈছিল ।
মুম্বাই ইণ্ডিয়ানছৰ কথা ক’বলৈ গ’লে ৰোহিত শৰ্মাই গুজৰাটৰ বলিং আক্ৰমণৰ বিৰুদ্ধে বিস্ফোৰক বেটিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । এনে পৰিস্থিতিত পাঞ্জাৱৰ ভুলৰ কোনো সুৰুঙা নাথাকিব । এই পৰ্যন্ত মুম্বাইৰ প্ৰদৰ্শন প্ৰায় প্ৰতিটো বিভাগতে উৎকৃষ্ট । ৰোহিত, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াই দলটোক শক্তিশালী কৰি তুলিছে ।
ইয়াৰ উপৰিও নতুন খেলুৱৈ জনী বেয়াৰষ্টো আৰু ৰিচাৰ্ড গ্লিছনেও দলটোৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । বিশেষকৈ গুজৰাটৰ বিৰুদ্ধে গ্লিছনৰ বলিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । প্ৰায়ে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ খেলপথাৰত উচ্চ স্ক’ৰিং খেল অনুষ্ঠিত হয়, গতিকে দুয়োটা দলৰ বলাৰৰ পৰিকল্পনা ইয়াত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে ।
পঞ্জাৱ কিংছৰ সম্ভাৱ্য মূল একাদশ : প্ৰভসিমৰণ সিং, প্ৰিয়ংশ আৰ্য, জোছ ইংলিছ (উইকেটকীপাৰ), শ্ৰেয়াছ আয়েৰ (অধিনায়ক), নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কাছ ষ্টয়নিছ, আজমতুল্লাহ উমৰজাই, হৰপ্ৰীত ব্ৰাৰ, কাইল জেমিছন, আৰ্শদীপ সিং ।
মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য মূল একাদশ : ৰোহিত শৰ্মা, জনী বেয়াৰষ্ট’ (উইকেটকীপাৰ), সূৰ্য্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, ৰাজ অংগদ বাৱা, মিচেল ছেণ্টনাৰ, ৰিচাৰ্ড গ্লিছন, যশপ্ৰীত বুমৰাহ, ট্ৰেণ্ট বৌল্ট ।
লগতে পঢ়ক : ‘খেলত হে হাৰিছো, যুদ্ধত নহয়…; পৰাস্ত হোৱাৰ পাছত খেলপথাৰক দোষাৰোপ শ্ৰেয়াছ আয়াৰৰ