হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে BCCI এ ললে ব্যৱস্থা
দেওবাৰে আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰত পাঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ ৪১টা বলত অপৰাজিত ৮৭ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
ইয়াৰ লগে লগে এইটোও গম পোৱা গৈছে যে আই পি এলে এই ছিজনত নতুন চেম্পিয়ন লাভ কৰিব।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বৰষুণৰ বাবে খেলখন পলমকৈ আৰম্ভ হোৱা খেলখনত দুয়োগৰাকী অধিনায়কক BCCI এ জৰিমনা বিহা হৈছে।
পাঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক নিজৰ নিজৰ দলৰ স্লো অভাৰ ৰেটৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছে।
BCCI এ শ্ৰেয়াছ আয়াৰক ২৪ লাখ টকা জৰিমনা বিহা হয়।আই পি এলৰ ক’ড অৱ কণ্ডাক্ট, ২০১৯ৰ অধীনত তেওঁৰ দলৰ এই ছিজনৰ দ্বিতীয়টো অপৰাধ আছিল।
আনহাতে পাণ্ডিয়াক তৃতীয়বাৰৰ বাবে অপৰাধ সংঘটিত কৰাৰ বাবে ৩০ লাখ টকা জৰিমনা বিহা হয়।
বাকী পঞ্জাৱৰ সদস্যসকলক হয় ৬ লাখ টকা বা তেওঁলোকৰ মেচ মাচুলৰ ২৫% (যিটো কম) জৰিমনা বিহা হৈছিল, আনহাতে মুম্বাইৰ বাবে এই সংখ্যা ১২ লাখ টকা আৰু ৫০% হয়।
এইটো তৃতীয়টো অভাৰ ৰেট অপৰাধ হোৱাৰ পিছতো হাৰ্দিকে নিলম্বনৰ সন্মুখীন নহ’ব।যেনেদৰে আই পি এল ২০২৪ৰ শেষত তেওঁ মুখামুখি হ’বলগীয়া হৈছিল, যাৰ বাবে তেওঁ আই পি এল ২০২৫ৰ প্ৰথমখন মেচ খেলিব পৰা নাছিল, কাৰণ সেই নিয়ম চলিত ছিজনৰ আগতেই সংশোধন কৰা হৈছিল।
লগতে পঢ়ক: সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন; সন্ধান নাই ৯ সেনা জোৱানৰ