মুম্বাইৰ আত্মসমৰ্পণ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬৯ সংখ্যক মেচত পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰে । ইংলিছ-প্ৰিয়াংশৰ বিস্ফোৰক ইনিংছৰ সন্মুখত মুম্বাইৰ আত্মসমৰ্পণ । এই জয়েৰে পঞ্জাবে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হোৱাৰ বিপৰীতে মুম্বাইৰ শীৰ্ষ ২ স্থানত প্ৰৱেশৰ আশা এতিয়া শেষ হৈছে । এই মেচত টছ জয় কৰাৰ পাছত পঞ্জাবে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।
প্ৰথমে বেটিং কৰিবলৈ আহি সূৰ্য কুমাৰ যাদৱৰ অৰ্ধ শতকৰ সহায়ত মুম্বাই দলে পঞ্জাৱক ১৮৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ইয়াৰ প্ৰত্যুত্তৰত পঞ্জাবে প্ৰিয়াংশ আৰ্য্য আৰু জোছ ইংলিছৰ বিস্ফোৰক বেটিঙৰ সহায়ত ৭ উইকেটত জয়লাভ কৰে ।
পঞ্জাৱৰ ইনিংছ-
১৮৫ ৰানৰ লক্ষ্য অনুসৰণ কৰা পঞ্জাৱৰ আৰম্ভণি ভাল নাছিল । পঞ্চম অভাৰত বুমৰাহে প্ৰভসিমৰনক আউট কৰে । প্ৰভসিমৰণৰ বেটৰ পৰা মাত্ৰ ১৩ ৰানহে আহে । কিন্তু ইয়াৰ পিছত প্ৰিয়াংশ আৰ্য্য আৰু জোছ ইংলিছৰ মাজত ভাল অংশীদাৰিত্ব গঢ় লৈ উঠে । দুয়োজনে ৯ম অভাৰত দলৰ স্ক’ৰ ৮০ৰ ওপৰলৈ লৈ যায় । ১০ অভাৰৰ পাছত পঞ্জাৱৰ স্ক’ৰ ৯০-১ । প্ৰিয়াংশ আৰু ইংলিছ দুয়োজনে বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । কিন্তু ১৪ নং অভাৰত ৬২ ৰান সংগ্ৰহ কৰি আউট হয় প্ৰিয়াংশ আৰ্য্য ।
১৮ অভাৰত ইংলিছৰ উইকেটৰ পতন ঘটে । ইংলিছে ৪২টা বলত ৭৩ ৰানৰ ইনিংছ খেলে । ইংলিছ আউট হোৱাৰ সময়ত পঞ্জাৱক জয়ী হ’বলৈ ১৫টা বলত ১৪ ৰানৰ প্ৰয়োজন হৈছিল । শেষত পঞ্জাবে এই খেলখনত ৭ উইকেটত জয়লাভ কৰে । মুম্বাইক পৰাস্ত কৰি পঞ্জাবে এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে । এতিয়া ১৪খন মেচত ১৯ পইণ্ট লাভ কৰিছে পঞ্জাৱে ।
মুম্বাইৰ ইনিংছ-
প্ৰথমে বেটিং কৰিবলৈ আহি মুম্বাইয়ে এক সুন্দৰ আৰম্ভণি কৰে । ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে বিস্ফোৰক আৰম্ভণি কৰে । কিন্তু ষষ্ঠ অভাৰত মুম্বাইয়ে প্ৰথমটো বিপৰ্যয় লাভ কৰে যেতিয়া ৰিয়ান ৰিকেলটনে নিজৰ উইকেট হেৰুৱাই । মুম্বাইৰ দলীয় ৪৫ ৰানত এই আঘাত লাভ কৰে । ৰিয়ানে ২৭ ৰানৰ ইনিংছ খেলে । কিন্তু ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু ৰোহিত শৰ্মাৰ মাজত ভাল অংশীদাৰিত্ব গঢ়ি উঠে ।
কিন্তু দশম অভাৰত মুম্বাইয়ে আন এক আঘাত লাভ কৰে যেতিয়া ৰোহিত শৰ্মা ২৪ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছত তিলক বাৰ্মাও ১১ নং অভাৰত আউট হয় । মাত্ৰ এক ৰানহে কৰে তিলকে । একে সময়তে ১৩ নং অভাৰত উইল জেকছো আউট হয় । জেকে ১৭ ৰান সংগ্ৰহ কৰে । আনহাতে, ১৭ নং অভাৰত হাৰ্দিক পাণ্ডিয়াই ২৬ ৰান সংগ্ৰহ কৰি আউট হয় । কিন্তু ইয়াৰ পিছত সূৰ্য্যই ৩৩টা বলত অৰ্ধ শতক অৰ্জন কৰে । একে সময়তে নমন ধীৰেও উজ্জ্বল বেটিং কৰে । নমনে ১১টা বলত ২০ ৰান সংগ্ৰহ কৰে । ইয়াৰ ভিত্তিত মুম্বাইয়ে পঞ্জাৱক ১৮৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।
লগতে পঢ়ক : ‘ৰোহিত-বিৰাট নাই…টিম ইণ্ডিয়াত শূন্যতা..’; হৰভজন সিঙে বিশ্বাসত ল’ব পৰা নাই নেকি শুভমন গীলক?