চলিত আই পি এলত মঙলবাৰে অনুষ্ঠিত হোৱা এখন মেচত গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক তিনি উইকেটত পৰাস্ত কৰে । ডি এল এছ পদ্ধতিত এই মেচখনত জয়লাভ কৰে গুজৰাটে । বৰ্ষা বিঘ্নিত মেচখনত গুজৰাটে ১৯ অভাৰত ১৪৭ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো দলটোৱে সহজেই উপনীত হয় । ইয়াৰ পূৰ্বে মুম্বাই দলে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰে । মুম্বাইৰ হৈ উইল জেকছে ৫৩ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে ।
পইন্ট তালিকাৰ শীৰ্ষত গুজৰাট-
ছিজনৰ অষ্টমটো জয়ৰ জৰিয়তে গুজৰাটে ১৬ পইণ্ট আৰু ০.৭৯৩ নেট ৰান ৰেটেৰে পইণ্ট তালিকাৰ শীৰ্ষ স্থানলৈ আগবাঢ়িছে । ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক অতিক্ৰম কৰি দলটোৱে শীৰ্ষত উপনীত হৈছে । আনহাতে মুম্বাই ইণ্ডিয়ানছে ১২খন খেলৰ ভিতৰত ৭খন খেলত জয়লাভ কৰি ৫খন খেলত পৰাস্ত হৈ চতুৰ্থ স্থান দখল কৰিছে । ইয়াৰ লগে লগে মুম্বাইৰ বিজয়ৰথ ৰুদ্ধ হৈ পৰিছে । ইয়াৰ পূৰ্বে মুম্বাইয়ে একেৰাহে ৬ খন মেচত জয়লাভ কৰিছিল ।
মুম্বাইৰ বাবে সমস্যা হৈ পৰিল বৰষুণ-
বৰষুণ প্ৰভাৱিত এই খেলখনত গুজৰাটে শেষ অভাৰত এক দৰ্শনীয় জয় লাভ কৰে । আচলতে ১৮ নং অভাৰৰ পিছত বৰষুণ আৰম্ভ হয় আৰু মেচ বন্ধ হৈ পৰে । সেই সময়ত গেৰাল্ড কোটজি আৰু ৰাহুল টেৱাটিয়াই ৫ ৰানত ক্ৰীজত আছিল । গুজৰাটৰ স্ক’ৰ আছিল ১৩২/৬ । সেই সময়ত তেওঁলোকক জয়ী হ’বলৈ শেষৰ দুটা অভাৰত ২৪ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু বৰষুণৰ বাবে খেলখন পলম হোৱাত ডি এল এছ পদ্ধতি অনুসৰি ১৯ অভাৰত ১৪৭ ৰানৰ নতুন লক্ষ্য দিয়া হয় ।
গুজৰাটৰ ইনিংছ-
লক্ষ্য অনুসৰণ কৰাৰ সময়ত গুজৰাটৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত ট্ৰেণ্ট ব’ল্টে ছাই সুদৰ্শনৰ উইকেট দখল কৰে । তেওঁ মাত্ৰ পাঁচ ৰানহে কৰে । ইয়াৰ পাছতে শুভমন গীলে জোছ বাটলাৰৰ সৈতে দ্বিতীয় উইকেটত ৬৩টা বলত ৭২ ৰান সংযোজন কৰে । অশ্বিনী কুমাৰে বাটলাৰক ৰিয়ান ৰিকেলটনৰ হাতত ধৰা পেলায় । ২৭টা বলত ৩০ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । ইয়াৰ পিছত গীলৰ সৈতে ইনিংছ আগুৱাই নিয়ে শ্বাৰফেন ৰাদাৰফোৰ্ডে । দুয়োজনে তৃতীয় উইকেটত ৩৫ ৰান সংযোজন কৰে ।
অধিনায়ক গীলক বল্ড আউট কৰে যশপ্ৰীত বুমৰাহে । তেওঁ তিনিটা চাৰি আৰু এটা ৬ৰ সহায়ত ৪৩ ৰান কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত বল্টে ৰাদাৰফোৰ্ডক পেভিলিয়নৰ বাট দেখুৱাই । ২৮ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । ইয়াৰ উপৰিও শ্বাহৰুখ খানে ৬, ৰছিদ খানে ২ আৰু গেৰাল্ড ক’টজীয়ে ১২ ৰান সংগ্ৰহ কৰে । একে সময়তে ৰাহুল তেৱাতিয়াই ১১ ৰানত অপৰাজিত হৈ থাকে আৰু আৰছাদ খান ১ ৰানত অপৰাজিত হৈ থাকে । মুম্বাইৰ হৈ ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ আৰু অশ্বিনী কুমাৰে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে দীপক চহৰে এটা সফলতা লাভ কৰে ।
মুম্বাইৰ ইনিংছ-
উইল জেকছ আৰু সূৰ্য্যকুমাৰ যাদৱৰ ড্ৰপ কেচৰ সুযোগ ল’ব নোৱাৰিলে মুম্বাই ইণ্ডিয়ানছে । এটা সময়ত মুম্বাইৰ স্ক’ৰ আছিল দুটা উইকেটত ৯৭ ৰান । জেক আৰু সূৰ্য্য ক্ৰীজত আছিল যদিও ২৬ ৰানৰ ভিতৰত ৫টা উইকেট হেৰুৱাই গুজৰাটৰ বিৰুদ্ধে মুম্বাইৰ বেটছমেনসকলে ৮ উইকেটত ১৫৫ ৰান কৰে । ২৬ ৰানত প্ৰথম দুটা উইকেট হেৰুৱাই জেক আৰু সূৰ্য্যই ৪৩টা বলত ৭১ ৰান সংগ্ৰহ কৰি মুম্বাইৰ ইনিংছ চম্ভালে ।
পূর্বৰ মেচখনত অল ৰাউণ্ড প্রদর্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰা জেকে ৫টা চাৰি আৰু তিনিটা ৬ৰ সহায়ত ৩৫টা বলত ৫৩ ৰান সংগ্ৰহ কৰি মুম্বাইৰ হৈ অর্ধশতক অর্জন কৰাৰ বিপৰীতে সূর্যই ২৪টা বলত ৫টা চাৰিৰ সহায়ত ৩৫ ৰান সংগ্ৰহ কৰে ৷ ৭ উইকেটত ১২৩ ৰানৰ অন্তত কৰবিন বছে ২২টা বলত এটা চাৰি আৰু দুটা ৬ৰ সহায়ত ২৭ ৰান সংগ্ৰহ কৰি মুম্বাইক ১৫০ৰ সীমা অতিক্ৰম কৰাত সহায় কৰে ।