ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বুধবাৰে অনুষ্ঠিত হোৱা ৫৭ সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হাতত ২ উইকেটত পৰাস্ত হয় । এই পৰাজয়ৰ পিছত কে কে আৰৰ প্লে অফত প্ৰৱেশৰ আশা প্ৰায় ছিন্নভিন্ন হৈ পৰিছে ।
এই মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছক ১৮০ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো চেন্নাইয়ে হাতত ২টা উইকেট থকা অৱস্থা ১৯.২ অভাৰত উপনীত হয় । ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা তিনিটা দল বাহিৰ হৈছে আৰু ৭ মে’ৰ নিশা পৰাজয়ৰ পিছত কে কে আৰো এই দলকেইটাৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে ।
নূৰৰ চাৰি উইকেট লয়, ব্ৰেভিছৰ বিস্ফোৰক ইনিংছ-
টছত জয়ী হৈ কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৭৯ ৰান সংগ্ৰহ কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অধিনায়ক অজিংক্য ৰাহানেই সৰ্বাধিক ৪৮ ৰান সংগ্ৰহ কৰে । ৩৩ বলৰ ইনিংছত ৰাহানেই ৪টা চাৰি আৰু দুটা ছয় কোবাই । আন্দ্ৰে ৰাছেলে ৪টা চাৰি আৰু ৩টা ৬ৰ সহায়ত ২১টা বলত ৩৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে ।
আনহাতে অভিজ্ঞ বেটছমেন মনীষ পাণ্ডেই অপৰাজিত ৩৬ ৰান আৰু অ’পেনাৰ সুনীল নাৰিনে ২৬ ৰান আগবঢ়ায় । চেন্নাই ছুপাৰ কিংছৰ হৈ স্পীনাৰ নূৰ আহমেদে সৰ্বাধিক ৪টা উইকেট দখল কৰে । আনহাতে বেগী বলাৰ অংশুল কাম্বোজ আৰু স্পীনাৰ ৰবীন্দ্ৰ জাডেজাই এটাকৈ সফলতা লাভ কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত উৰভিল পেটেল (১১ বলত ৩১), দেৱাল্ড ব্ৰেভিছ (২৫ বলত ৫২) আৰু শিৱম ডুবে (৪০ বলত ৪৫) বাবে চি এছ কেয়ে লক্ষ্যত উপনীত হয় । ১৭ ৰানত অপৰাজিত হৈ উভতি আহে ধোনী । এই মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল নূৰ আহমেদ । নুৰে ৪টা উইকেট দখল কৰে ।