আই পি এল
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬৬ সংখ্যক মেচখনত দিল্লী কেপিটেলছে পঞ্জাব কিংছক ৬ উইকেটত পৰাস্ত কৰে । এই মেচখন জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচত টছ জয় কৰাৰ পাছত দিল্লীয়ে পঞ্জাবক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । প্ৰথমে বেটিং কৰি পঞ্জাবে দিল্লীক ২০৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । অধিনায়ক আয়াৰ আৰু ষ্ট’ইনিছে বিস্ফোৰক বেটিং কৰে । ইয়াৰ প্ৰত্যুত্তৰত কৰুণ নাইৰৰ উজ্জ্বল বেটিং আৰু সমীৰ ৰিজৱীৰ বিস্ফোৰক অৰ্ধ শতকৰ সহায়ত দিল্লীয়ে সহজেই লক্ষ্যত উপনীত হয় ।
এইখন আই পি এলৰ চলিত ছিজনৰ দিল্লীৰ অন্তিমখন খেল আছিল, য’ত দলটোৱে জয়লাভ কৰে । ১৪খন খেলত ১৫ পইণ্ট লাভ কৰিছে দিল্লীয়ে । কিন্তু দলটোৰ যাত্ৰা ইয়াতেই সমাপ্ত হয় । দিল্লীয়ে চলিত ছিজনৰ বাবে প্লে অফলৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয় । অৱশ্যে পঞ্জাৱ দলে ইতিমধ্যে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিছে । বৰ্তমান দলটোৰ ১৩খন মেচৰ পৰা ১৭ পইণ্ট আছে । এই মেচখনত পঞ্জাবে পইন্ট টেবুলৰ শীৰ্ষত উপনীত হোৱাৰ সুযোগ লাভ কৰিছিল যদিও ব্যৰ্থ হয় ।
দিল্লীৰ ইনিংছ-
২০৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি দিল্লীয়ে এক সুন্দৰ আৰম্ভণি কৰে । কে এল ৰাহুল আৰু ফাফ ডু প্লেচিছে বিস্ফোৰক আৰম্ভণি কৰে । কিন্তু ষষ্ঠ অভাৰত কে এল ৰাহুলৰ উইকেটৰ পতন ঘটাত দিল্লীয়ে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হয় । কে এল ৰাহুলে ৩৫ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে সপ্তম অভাৰত ফাফৰ উইকেটৰ পতন ঘটে । ফাফে ২৩ ৰান সংগ্ৰহ কৰে । একে সময়তে অটলেও সুন্দৰ বেটিং কৰি ২২ ৰান সংগ্ৰহ কৰে যদিও ১১ অভাৰত তেওঁ আউট হয় ।
কিন্তু ইয়াৰ পিছতে সমীৰ ৰিজৱী আৰু কৰুণ নাইৰৰ মাজত বিস্ফোৰক অংশীদাৰিত্ব গঢ়ি উঠে । কিন্তু ১৫ নং অভাৰত কৰুণ নাইৰৰ উইকেটৰ পতন ঘটে । কৰুণে ৪৪ ৰান সংগ্ৰহ কৰে । কিন্তু সমীৰ ৰিজৱীয়ে এটা মূৰত থাকি দলৰ হৈ ৰান সংগ্ৰহ কৰি থাকে । একে সময়তে ষ্টাবছে তেওঁক সমৰ্থন কৰে । শেষৰ দুটা অভাৰত জয়ী হ’বলৈ দিল্লীক ২২ ৰানৰ প্ৰয়োজন হৈছিল । ইফালে সমীৰ ৰিজভীয়ে আই পি এলত প্ৰথমটো অৰ্ধ শতক অৰ্জন কৰে । মাত্ৰ ২২টা বলত তেওঁ পঞ্চাশ ৰান সংগ্ৰহ কৰে । শেষৰ অভাৰত জয়ী হ’বলৈ মাত্ৰ ৮ ৰানৰ প্ৰয়োজন হৈছিল দিল্লীক । অৱশেষত এই মেচখনত দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে ।
প্ৰথমে বেটিং কৰিবলৈ অহা পঞ্জাৱৰ আৰম্ভণি ভাল নাছিল । প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসীমৰণে ইনিংছ মুকলি কৰে । কিন্তু দ্বিতীয় অভাৰতে নিজৰ উইকেট হেৰুৱাই প্ৰিয়ংশ আৰ্য্যই । প্ৰিয়ংশৰ বেটৰ পৰা মাত্ৰ ৬ ৰানহে আহে । কিন্তু ইয়াৰ পিছত জোছ ইংলিছ আৰু প্ৰভসীমৰণৰ মাজত ভাল অংশীদাৰিত্ব গঢ় লৈ উঠে । দুয়োজনে দ্ৰুত গতিত ৰান সংগ্ৰহ কৰে । মাত্ৰ ৫ অভাৰতে পঞ্জাৱৰ স্ক’ৰ ৫০ ৰান অতিক্ৰম কৰে । কিন্তু ষষ্ঠ অভাৰত ৩৫ ৰান সংগ্ৰহ কৰি ইংলিছ আউট হয় ।
ইয়াৰ পিছতে প্ৰভসীমৰণেও ৮ম অভাৰত নিজৰ উইকেট হেৰুৱাই । প্ৰভসিমৰনে ২৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত অধিনায়ক শ্ৰেয়াছ আয়েৰ আৰু নেহাল বাধেৰাৰ মাজত ভাল অংশীদাৰিত্ব গঢ়ি উঠে । ১১ নং অভাৰত পঞ্জাৱৰ স্ক’ৰ ১০০ ৰান অতিক্ৰম কৰে । কিন্তু পঞ্জাবে ১৩ অভাৰত চতুৰ্থটো আঘাত পাইছিল যেতিয়া নেহাল ১৬ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে ১৬ নং অভাৰত আউট হয় শশাংক । কিন্তু শ্ৰেয়াছ আয়েৰে এটা মূৰত দৃঢ় হৈ থাকে । ১৭ নং অভাৰত আয়াৰে পঞ্চাশ ৰান সংগ্ৰহ কৰে । কিন্তু ইয়াৰ পিছত তেওঁৰ উইকেটৰ পতন ঘটে । কিন্তু ইয়াৰ পিছতে মাৰ্কাছ ষ্ট’ইনিছে বিস্ফোৰক ইনিংছ খেলে যাৰ ভিত্তিত পঞ্জাবে দিল্লীৰ সন্মুখত ২০৭ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।
লগতে পঢ়ক : ভাৰতীয় দলত আই পি এলৰ কোন দলৰ পৰা কোনে পালে সুযোগ ?