শুল্ক আৰোপ
শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ বাণিজ্য যুদ্ধৰ জল্পনা-কল্পনাত ইন্ধন যোগাইছে । তেওঁ ১ জুনৰ পৰা ইউৰোপীয় সংঘৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে । লগতে আমেৰিকাত নিৰ্মাণ নোহোৱা সকলো স্মাৰ্টফোনৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছে, য’ত এপলৰ আইফোনো অন্তৰ্ভুক্ত ।তেওঁৰ এই বক্তব্যই বিশ্বৰ বজাৰত আলোড়নৰ সৃষ্টি কৰিছে ।
ছ’চিয়েল মিডিয়াত দিয়া এটা বাৰ্তাত ড’নাল্ড ট্ৰাম্পে ইউৰোপীয় ইউনিয়নক লক্ষ্য কৰি কয় যে, বাণিজ্যিক আলোচনা স্থবিৰ হৈ পৰিছে ।
তেওঁলোকৰ সৈতে আমাৰ আলোচনা কোনো সিদ্ধান্তত উপনীত হোৱা নাই । ইউৰোপীয় ইউনিয়নে অন্যায় আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি ইউৰোপত আমেৰিকাৰ সামগ্ৰী নিষিদ্ধ কৰিবলৈ জোৰ দিয়ে ।
ট্ৰাম্পে এপলক ঘৰুৱাভাৱে আইফোন উৎপাদন কৰিব লাগিব বুলিও সকীয়াই দিয়ে । অন্যথা কোম্পানীটো নতুন শুল্কৰ সন্মুখীন হ’ব লাগিব ।
ট্ৰাম্পে কয় যে তেওঁ বহু আগতেই এপলৰ চিইঅ’ টিম কুকক কৈছিল যে আইফোন আমেৰিকাত উৎপাদন হ’ব লাগে ।
ডনাল্ড ট্ৰাম্পে কয় যে ‘টিম কুকে ভাৰতত এটা প্লাণ্ট নিৰ্মাণ কৰিবলৈ ওলাইছে।মই কলো ভাৰতলৈ যোৱাটো ঠিকেই আছে, কিন্তু ইয়াত টেৰিফ নোহোৱাকৈ বিক্ৰী নকৰিবা’।
‘যদি তেওঁলোকে আমেৰিকাত আইফোন বিক্ৰী কৰিবলৈ গৈ আছে তেন্তে মই বিচাৰো যে ইয়াক আমেৰিকাত নিৰ্মাণ কৰা হওক’।
বৰ্তমান এপলে চীনৰ শুল্ক এৰাই চলিবলৈ আইফোন এছেম্বলীৰ বহুখিনি ভাৰতলৈ স্থানান্তৰিত কৰিছে, কিন্তু উৎপাদন আমেৰিকালৈ হস্তান্তৰ কৰাৰ কোনো ৰাজহুৱা পৰিকল্পনা নাই ।
বিশ্লেষকসকলে কয় যে আমেৰিকাত আইফোন নিৰ্মাণ কৰিলে দাম শৰ পৰা হাজাৰ হাজাৰ ডলাৰ বৃদ্ধি পাব ।
পিছত ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে জুন মাহৰ শেষৰ ফালে এপল, চেমচাং আৰু যিকোনো বিদেশী ফোনত এই স্মাৰ্টফোন শুল্ক আৰোপ কৰা হ’ব ।
লগতে পঢ়ক: ‘শিৱসেনাৰ সৈতে মিত্ৰতাৰ কথা বিবেচনা কৰা হ’ব যদিহে..’; ৰাজ থাকৰেৰ দলৰ ডাঙৰ বক্তব্য