দিল্লীৰ পৰা মুম্বাইলৈ আইফোন ১৭ৰ জোৱাৰ
আজি প্ৰযুক্তিৰ জগতখনত এটা ঐতিহাসিক মুহূৰ্ত আহিছে,কাৰণ অৱশেষত এপলে লঞ্চ কৰিলে আইফোন ১৭।ইয়াৰ বাবে বহুদিনৰ পৰা লোকসকলে অপেক্ষা কৰি আহিছে।
এই আইফোন ১৭ ক লৈ ৰাইজৰ মাজত এনে উন্মাদনা দেখা গৈছে যে বৃহস্পতিবাৰে নিশাৰ পৰা বহু লোকে মলৰ বাহিৰত দীঘলীয়া শাৰী পাতিছিল।
দিল্লী আৰু মুম্বাইৰ পৰা এনে কিছুমান ছবি দেখিবলৈ পোৱা গৈছে,এই ছবি দেখি অনুমান কৰিব পাৰি যে আইফোনৰ প্ৰতি মানুহৰ কিমান উন্মাদনা আছে।
দক্ষিণ দিল্লীত অৱস্থিত চিলেক্ত চিটি মল,সাকেটত মাজনিশাৰ পৰাই আইফোন ১৭ ক্ৰয় কৰিবলৈ মানুহে শাৰী পাতিছিল।
ফোনটো কিনিবলৈ দীঘলীয়া শাৰীৰ কাৰণ হ’ল নতুন আইফোন মডেলটোত হাত পাবলৈ মানুহ উৎফুল্লিত হৈ আছে।আইফোন ১৭ৰ প্ৰতি মানুহৰ মাজত প্ৰচণ্ড উৎসাহ দেখিবলৈ পোৱা গৈছে।
মুম্বাইৰ বান্দ্ৰা কুৰলা কমপ্লেক্সৰ এপল শ্ব’ৰুমৰ বাহিৰতো শ শ লোক থিয় হৈ থকা দেখা গৈছিল।কিছুমান মানুহে ৭ৰ পৰা ৮ ঘণ্টা অপেক্ষা কৰি আছিল, ইফালে ইতিমধ্যে বহু গ্ৰাহকে ফোনটো বুকিং কৰিছিল।
আমোদজনক কথাটো হ’ল যিসকলৰ বুকিং কৰিব নোৱাৰিলে,তেওঁলোকেও এই আশাত শাৰী পাতি আছিল যে তেওঁলোকেও হয়তো ফোনটো আজিয়েই ক্ৰয় কৰিব পাৰিব।
লগতে পঢ়ক: ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়…চন্দ্ৰ আৰু মংগল অভিযানৰ বাবে একত্ৰিত হ’ব দুয়ো দেশ