দিল্লীৰ পৰা মুম্বাইলৈ আইফোন ১৭ৰ জোৱাৰ; নিশা ১২ বজাৰ পৰা মলৰ বাহিৰত দীঘলিয়া শাৰী

দিল্লীৰ পৰা মুম্বাইলৈ আইফোন ১৭ৰ জোৱাৰ

আজি প্ৰযুক্তিৰ জগতখনত এটা ঐতিহাসিক মুহূৰ্ত আহিছে,কাৰণ অৱশেষত এপলে লঞ্চ কৰিলে আইফোন ১৭।ইয়াৰ বাবে বহুদিনৰ পৰা লোকসকলে অপেক্ষা কৰি আহিছে।

এই আইফোন ১৭ ক লৈ ৰাইজৰ মাজত এনে উন্মাদনা দেখা গৈছে যে বৃহস্পতিবাৰে নিশাৰ পৰা বহু লোকে মলৰ বাহিৰত দীঘলীয়া শাৰী পাতিছিল।

দিল্লী আৰু মুম্বাইৰ পৰা এনে কিছুমান ছবি দেখিবলৈ পোৱা গৈছে,এই ছবি দেখি অনুমান কৰিব পাৰি যে আইফোনৰ প্ৰতি মানুহৰ কিমান উন্মাদনা আছে।

দক্ষিণ দিল্লীত অৱস্থিত চিলেক্ত চিটি মল,সাকেটত মাজনিশাৰ পৰাই আইফোন ১৭ ক্ৰয় কৰিবলৈ মানুহে শাৰী পাতিছিল।

ফোনটো কিনিবলৈ দীঘলীয়া শাৰীৰ কাৰণ হ’ল নতুন আইফোন মডেলটোত হাত পাবলৈ মানুহ উৎফুল্লিত হৈ আছে।আইফোন ১৭ৰ প্ৰতি মানুহৰ মাজত প্ৰচণ্ড উৎসাহ দেখিবলৈ পোৱা গৈছে।

মুম্বাইৰ বান্দ্ৰা কুৰলা কমপ্লেক্সৰ এপল শ্ব’ৰুমৰ বাহিৰতো শ শ লোক থিয় হৈ থকা দেখা গৈছিল।কিছুমান মানুহে ৭ৰ পৰা ৮ ঘণ্টা অপেক্ষা কৰি আছিল, ইফালে ইতিমধ্যে বহু গ্ৰাহকে ফোনটো বুকিং কৰিছিল।

আমোদজনক কথাটো হ’ল যিসকলৰ বুকিং কৰিব নোৱাৰিলে,তেওঁলোকেও এই আশাত শাৰী পাতি আছিল যে তেওঁলোকেও হয়তো ফোনটো আজিয়েই ক্ৰয় কৰিব পাৰিব।

লগতে পঢ়ক: ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়…চন্দ্ৰ আৰু মংগল অভিযানৰ বাবে একত্ৰিত হ’ব দুয়ো দেশ

আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল; কোম্পানীটোৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু

আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল

আইফোন ১৭ ছিৰিজ লঞ্চ হোৱাৰ পূৰ্বে সমস্যা বাঢ়িছে এপলৰ। আইফোন ১৭ নিৰ্মাতা কোম্পানীটোৱে কপিৰাইটযুক্ত কিতাপ ব্যৱহাৰ কৰি এআই মডেলক প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে।এই সন্দৰ্ভত এপলৰ বিৰুদ্ধে দুজন লেখকে গোচৰ তৰিছে।

 গোচৰত লেখকসকলে অভিযোগ কৰিছিল যে কোম্পানীটোৱে নিজৰ OpenELM AI মডেলক প্ৰশিক্ষণ দিবলৈ তেওঁৰ কিতাপৰ পাইৰেটেড সংস্কৰণ ব্যৱহাৰ কৰিছিল।উল্লেখ্য যে কোম্পানীটোৱে যোৱা বছৰ নিজৰ মুক্ত উৎসৰ এআই মডেল মুকলি কৰিছিল।

দৰাচলতে যোৱা বছৰত কোম্পানীটোৱে ইউটিউবৰ ভিডিঅ’ৰ তথ্য ব্যৱহাৰ কৰি নিজৰ এআই মডেলক প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

এপলৰ বিৰুদ্ধে এই গোচৰ আমেৰিকাৰ উত্তৰ কেলিফৰ্ণিয়াৰ ফেডাৰেল ক’ৰ্টত ৫ ছেপ্টেম্বৰ শুকুৰবাৰে দাখিল কৰা হৈছে।কোম্পানীটোৰ বিৰুদ্ধে ক্লাছ একচন গোচৰ ৰুজু কৰা হৈছে।

গ্ৰন্থখনৰ লেখক গ্ৰেডি হেণ্ড্ৰিক্স আৰু জেনিফাৰ ৰবাৰ্টছনে এপলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে টেক কোম্পানীসমূহে তেওঁলোকে লিখা কিতাপসমূহ ব্যৱহাৰ কৰি নিজৰ LLM আৰু OpenELM ক প্ৰশিক্ষণ দিছে।

এপলৰ OpenELM ৰ মডেল কাৰ্ড, যিটো Hugging Face ত সংযোজন কৰা হৈছিল, ইয়াৰ দ্বাৰা এই কথাটো পোহৰলৈ আহিছে যে মডেলটোক প্ৰশিক্ষণ দিবলৈ ব্যৱহৃত ডাটাছেটসমূহৰ ভিতৰত এটাত RedPajama অন্তৰ্ভুক্ত কৰা হৈছে।

কোম্পানীটোৱে ইয়াক ইণ্টাৰনেটৰ পৰা লাভ কৰিছিল, য’ত বহুতো এনোটেটৰৰ অনুজ্ঞা বিনামূলীয়া বিষয়বস্তুৰ সৈতে ৰাজহুৱা ডাটাছেটসমূহ মুকলি কৰে।

অভিযোগকাৰীয়ে আমেৰিকাৰ ফেডাৰেল আদালতত আবেদন জনাইছে যে এইটো এটা কপিৰাইট উলংঘন হয়, যাৰ বাবে টেক কোম্পানীটোৰ বিৰুদ্ধে ক্লাছ একচন ল’ব লাগে।অৱশ্যে এই গোচৰৰ জুৰীৰ বিচাৰ এতিয়াও হোৱা নাই।

লগতে পঢ়ক: Google ৰ বিৰুদ্ধে তদন্ত; ইউৰোপীয় আয়োগে বিহিলে ৩.৫ বিলিয়ন ডলাৰ জৰিমনা