দাউ দাউ জ্বলি উঠিল যাত্ৰীবাহী জাহাজ
ইণ্ডোনেছিয়াত এখন জাহাজত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৩০০ৰো অধিক যাত্ৰীৰ জীৱন বিপদত পৰিল।
কেইমিনিট মানৰ ভিতৰতে জুইয়ে দ্ৰুতগতিত সমগ্ৰ জাহাজখনকে আগুৰি ধৰে, যাৰ ফলত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
জ্বলি থকা ফেৰীখনৰ পৰা ২৮০ জন লোকক উদ্ধাৰ কৰা হৈছে।আনহাতে শিশুসহ ১৮ জন লোক আহত হোৱাৰ লগতে বৃহৎ সংখ্যক লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।
ফেৰীখনত জুয়ে আগুৰি ধৰাৰ ফলত আৱদ্ধ যাত্ৰীসকলে আতংকত সাগৰত জপিয়াবলৈ ধৰে। ইণ্ডোনেছিয়াৰ উপকূলৰ এখন ফেৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।
ফেৰীখনত থকা ২৮০ৰো অধিক লোকক বচাবলৈ সক্ষম হৈছে। নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান বৰ্তমান চলি আছে।
অনুমান কৰা হৈছে যে ফেৰীখনত ৩০০ৰ পৰা ৫০০জন যাত্ৰী আছিল। অৱশ্যে এতিয়ালৈকে কোনো লোকৰ মৃত্যু হৈছে নেকি সেই কথা জানিব পৰা নাই।
কৰ্তৃপক্ষ আৰু উদ্ধাৰকাৰী দলে অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰি নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান অব্যাহত ৰাখিছে। দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হৈছে।
লগতে পঢ়ক: জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !