এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়
এছিয়া কাপ ২০২৫ৰ ষষ্ঠখন খেল আজি ভাৰত আৰু পাকিস্তানৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম অনুষ্ঠিত হৈছিল। প্ৰথমে বেটিং কৰি পাকিস্তানে ১২৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।
ইয়াৰ প্ৰত্যুত্তৰত টিম ইণ্ডিয়াই ১৫.৫ অভাৰত সহজেই লক্ষ্যত উপনিত হ’বলৈ সক্ষম হয়। পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতে।
ভাৰতৰ এই বিজয়ৰ বহু নায়ক আছিল। ইয়াৰ প্ৰথম নামটো হ’ল কুলদীপ যাদৱ।সূৰ্যকুমাৰ যাদৱেও অধিনায়কত্বৰ দুৰ্দান্ত ইনিংছ খেলিছিল।
অধিনায়ক সূৰ্যকুমাৰ যাদৱে ছয়ৰে ভাৰতক জয় প্ৰদান কৰে।কুলদীপ যাদৱে লাভ কৰে ৩টা সফলতা।আনহাতে বুমৰাহ আৰু অক্ষৰে ২-২ টাকৈ উইকেট লাভ কৰে।
লক্ষ্য খেদি টিম ইণ্ডিয়া আৰম্ভণিৰে পৰাই আগ্ৰাসী মোডত আছিল।অভিষেক শৰ্মাৰ পিছত তিলকেও ভাল ইনিংছ খেলিছিল।
কিন্তু অধিনায়ক সূৰ্য্যই এটা মূৰত থিয় হৈ ৪৭ ৰানৰ অপৰাজিত ইনিংছ খেলি জয়লাভ কৰে।২০২৫ চনৰ এছিয়া কাপত ভাৰতৰ এয়া একেৰাহে দ্বিতীয়টো জয়।
লগতে পঢ়ক: ‘ক’লা বেণ্ড পিন্ধি ভাৰতীয় দলে খেলক মেচ…’; ভাৰত-পাকৰ মেচক লৈ ভাইৰেল ৰবীনা টেণ্ডনৰ মন্তব্য