হকী এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়বাৰৰ বাবে জয়
বিহাৰৰ ৰাজগীৰত চলি থকা হকী এছিয়া কাপত ভাৰতীয় দলটোৱে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি পুল-এত জাপানৰ বিৰুদ্ধে দ্বিতীয়খন খেলত ৩-২ ত জয়লাভ কৰে।
এই প্ৰতিযোগিতাত ভাৰতীয় হকী দলৰ প্ৰথমখন খেল চীনা দলৰ বিৰুদ্ধে আছিল, য’ত তেওঁলোকে ৪-৩ ত জয়ী হ’বলৈ সক্ষম হয়।
এতিয়া টিম ইণ্ডিয়াই জাপানৰ বিৰুদ্ধেও একে ছন্দ অব্যাহত ৰাখিলে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিঙে সৰ্বাধিক ২টা গ’ল দিয়ে, আনহাতে এটা গ’ল ৰাজ কুমাৰ পালে দিয়ে।
জাপানৰ বিৰুদ্ধে হকী এছিয়া কাপত ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰি ছুপাৰ-৪ত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে।পুল-এৰ পইণ্ট টেবুলত ২টা জয়ৰ পাছত ৬ পইণ্টেৰে শীৰ্ষত আছে টিম ইণ্ডিয়া।
আনহাতে এই মেচত পৰাজয়ৰ বাবে জাপানে এতিয়া তৃতীয় স্থানত উপনীত হৈছে।ভাৰতীয় দলৰ হৈ এই পৰ্যন্ত ২ খন খেলত সৰ্বাধিক গ’ল দিছে অধিনায়ক হৰমনপ্ৰীত সিঙে। য’ত তেওঁ এতিয়ালৈকে মুঠ ৫টা গ’ল দিছে।
লগতে পঢ়ক: ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ ৰাহুল দ্ৰাবিড়ৰ…