ডিজাইন কৰিছে আটাইতকৈ পাতল iPhone Air
Apple এ এই বছৰত মুকলি কৰিছে আটাইতকৈ পাতল iPhone Air। এপলৰ এই আইফোনটো মাত্ৰ ৫.৬মিমি ডাঠ। এপলে ইয়াত প্ৰ’ মডেলৰ বহু বৈশিষ্ট্য প্ৰদান কৰিছে, যাৰ বাবেই ই হৈ পৰে শক্তিশালী আইফোন। এপলৰ এই আইফোনটোৰ আৰম্ভণিৰ মূল্য ১,১৯,৯০০ টকা।
iPhone Air ডিজাইন কৰা ভাৰতীয় মূলৰ ডিজাইনাৰগৰাকীক লৈ বহু চৰ্চা চলি আছে। তেওঁৰ নাম অবিদুৰ চৌধুৰী, যি টেক জায়ান্ট এপলৰ এজন ঔদ্যোগিক ডিজাইনাৰ।
তেওঁ কোম্পানীটোৰ আইফোন এয়াৰক আঁতৰাই ৰাখিবলৈ অত্যন্ত পাতল আৰু টাইটানিয়াম বডিৰে নিৰ্মিত, যাৰ বাবে এই ফোনটোও ওজনত অতি লঘু হৈ পৰিছে।
অবিদুৰ চৌধুৰীৰ জন্ম লণ্ডনত।অৱশ্যে বৰ্তমান তেওঁ আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত থাকে আৰু এপলত ডিজাইনাৰ হিচাপে কাম কৰি আছে।
অবিদুৰ চৌধুৰীয়ে ল’ফব’ৰ’ বিশ্ববিদ্যালয়ৰ পৰা প্ৰডাক্ট ডিজাইনত ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰিছে। পঢ়াৰ সময়ছোৱাত তেওঁ 3D Hubs Students Grand, Kenwood Appliances Award আদি ডাঙৰ ডাঙৰ বঁটা লাভ কৰিছে।
২০১৬ চনত অবিদুৰে প্লেন এণ্ড প্লে ডিজাইনৰ বাবে ৰেড ডট ডিজাইন বঁটাও লাভ কৰে।এপলৰ এই পাতল আইফোনটোৰ ডিজাইনৰ বিষয়ে বহু চৰ্চিত হৈছে।
এই ৫.৬ মিমি পাতল আইফোনত আছে এক অনন্য কেমেৰা মডিউল।এই আইফোনটো ফিজিকেল চিম কাৰ্ড অবিহনে আহে, অৰ্থাৎ ই কেৱল ইচিম সমৰ্থন কৰে।
ইয়াৰ উপৰিও উচ্চ ক্ষমতাসম্পন্ন বেটাৰীটো ফোনটোৰ অতি কম ঠাইত ফিট কৰা হৈছে,যিয়ে এপলৰ এই উদ্ভাৱনী সামগ্ৰীটোক বিশেষ কৰি তুলিছে।
লগতে পঢ়ক: ২০৩৫ৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ, মানৱ মহাকাশ উৰণৰ বাবে সাজু দেশ… ইছৰোৰ মুৰব্বী