পাকিস্তানৰ সৈতে মেচ সন্দৰ্ভত ভাৰত চৰকাৰৰ ডাঙৰ ঘোষণা
ভাৰত আৰু পাকিস্তানৰ মেচ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে। ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে ভাৰতীয় দল পাকিস্তানলৈ নাযায় আৰু পাকিস্তানৰ দলকো ভাৰতলৈ আহিবলৈ অনুমতি দিয়া নহ’ব।
একে সময়তে এছিয়া কাপ আৰু আইচিচি প্ৰতিযোগিতাৰ দৰে বহুজাতিক প্ৰতিযোগিতাৰ আয়োজন পৃথক বুলি বিবেচিত হ’ব।এইবোৰত ভাৰতে অংশগ্ৰহণ কৰিব পাৰে, যদিহে এইবোৰ নিৰপেক্ষ স্থানত অনুষ্ঠিত হয়।
ক্ৰীড়া মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰতৰ নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু পাকিস্তানৰ সৈতে দ্বিপাক্ষিক ক্ৰিকেটৰ সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ প্ৰশ্নই উত্থাপন নহয়।
কিন্তু এছিয়া কাপ যিহেতু বহুজাতিক প্ৰতিযোগিতা, গতিকে টিম ইণ্ডিয়াই ইয়াত খেলিব। এই সিদ্ধান্তৰ পিছত স্পষ্ট হৈ পৰিছে যে ভাৰত-পাকিস্তানৰ সংঘৰ্ষ কেৱল এছিয়া কাপ বা আইচিচি টুৰ্ণামেণ্টৰ দৰে প্লেটফৰ্মতহে দেখা যাব।
এই বিষয়াগৰাকীয়ে কয় – ভাৰতীয় দল আৰু খেলুৱৈসকলে সেই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব,য’ত পাকিস্তানৰ দল বা খেলুৱৈকো একেদৰে অন্তৰ্ভুক্ত কৰা হ’ব, পাকিস্তানৰ দল আৰু খেলুৱৈক ভাৰতত অনুষ্ঠিত বহুজাতিক প্ৰতিযোগিতাত খেলাৰ অনুমতি দিয়া হ’ব।
অহা ১৪ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত-পাকিস্তানৰ মাজত মুখামুখি হ’ব।২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন।এই প্ৰতিযোগিতাখন টি-২০ ইণ্টাৰনেশ্যনেল ফৰ্মেটত অনুষ্ঠিত হ’ব।
৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা।এতিয়াৰ পৰা ভাৰত আৰু পাকিস্তানে এছিয়া কাপত ৩ বাৰ মুখামুখি হ’ব পাৰে।
লগতে পঢ়ক: আই চি চি এদিনীয়া ৰেংকিং প্ৰকাশ… শীৰ্ষ ১০ত কেৱল দুজন ভাৰতীয়