ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ ল’ব মিগ-২১ এ
ভাৰতত এতিয়া ইতিহাসত পৰিণত হ’বলৈ গৈ আছে মিগ-২১ যুদ্ধ বিমান । ভাৰতীয় বায়ুসেনাৰ বাকী থকা মিগ-২১ যুদ্ধ বিমানসমূহ ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অৱসৰ ল’ব, অৰ্থাৎ সেইবোৰ গ্ৰাউণ্ড কৰা হ’ব । ভাৰতৰ আকাশমাৰ্গ সুৰক্ষাৰ ক্ষেত্ৰত বিগত কেইবাটাও দশক ধৰি বায়ুসেনাৰ মূল অস্ত্ৰ হিচাপে পৰিগণিত হোৱা মিগ-২১ৰ ঠাইত এতিয়া থলুৱাভাৱে নিৰ্মিত তেজছ এম কে ১এ যুদ্ধ বিমানে স্থান লাভ কৰিব ।
ভাৰতীয় বায়ুসেনাৰ হাতত বৰ্তমান ৩৬খন মিগ-২১ জেট বিমান বাকী আছে । এই মিগ-২১ জেট বিমানসমূহে দেশৰ আকাশ আৰু ভূখণ্ডক সফলতাৰে ৰক্ষা কৰি আহিছে । ১৯৬৩ চনত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলক ভিত্তিত মিগ-২১ৰ সেৱা আৰম্ভ কৰা হৈছিল । ৰাছিয়াত নিৰ্মিত এই জেটখন ২০০০ চনৰ মাজভাগলৈকে বায়ুসেনাৰ মেৰুদণ্ড হৈ আছিল আৰু তাৰ পিছত ইয়াৰ স্থান লয় চুখয় ছু-৩০এম কে আইয়ে ।
২০২৩ চনৰ অক্টোবৰ মাহত ৪ নং স্কোৱাড্ৰনৰ মিগ-২১ যুদ্ধ বিমানে শেষবাৰৰ বাবে ৰাজস্থানৰ বাৰ্মেৰ চহৰৰ ওপৰেৰে উৰা মাৰিছিল । তেতিয়াৰ বায়ুসেনাৰ মুৰব্বী বায়ুসেনাৰ মুৰব্বী মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে কৈছিল যে, “আমি ২০২৫ চনৰ ভিতৰত মিগ-২১ যুঁজাৰু বিমান উৰুৱা বন্ধ কৰিম আৰু তাৰ ঠাইত এল চি এ মাৰ্ক-১এ বিমান উৰুৱাম ।”
২০২২ চনৰ জুলাই মাহত বায়ুসেনাই সেৱাত থকা বাকী থকা চাৰিটা মিগ-২১ স্কোৱাড্ৰনক পৰ্যায়ক্ৰমে বন্ধ কৰাৰ বাবে তিনি বছৰৰ সময়সীমা নিশ্চিত কৰে । ২০২৭ চনৰ ভিতৰত মিগ-২৯ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ কথাও এই পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা হৈছে ।
২০২৩ চনৰ মে’ মাহত ৰাজস্থানত সংঘটিত হোৱা এক ঘটনাকে ধৰি পুৰণি এই যুদ্ধ বিমানৰ সৈতে সংঘটিত বহুকেইটা দুৰ্ঘটনাৰ ফলত মিগ-২১ৰ বহৰ পৰ্যায়ক্ৰমে বন্ধ কৰি দিয়া হৈছে । নিয়মীয়া অভ্যাসৰ বাবে চুৰাটগড় বায়ুসেনা ঘাটিৰ পৰা উৰা মৰা মিগ-২১ বিমানখন ৰাজস্থানৰ হনুমানগড়ৰ বাহল’ল নগৰৰ সমীপত ‘কাৰিকৰী ত্ৰুটি’ৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।
লগতে পঢ়ক : অপাৰেচন সেন্দূৰৰ পৰা ট্ৰাম্পলৈ; আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন