যুদ্ধবিৰতিৰ মাজতে ভাৰতীয় বায়ুসেনাৰ এটা ডাঙৰ বিবৃতি প্ৰকাশ পাইছে । ভাৰতীয় বায়ুসেনাৰ মতে অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে । আগন্তুক সময়ত এই সন্দৰ্ভত তথ্য দিয়া হ’ব । বায়ুসেনাই এই তথ্য নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত প্ৰদান কৰিছে ।
এক্সত অভিযান অব্যাহত ৰখাৰ বিষয়ে তথ্য দি ভাৰতীয় বায়ুসেনাই লিখিছে, ‘ভাৰতীয় বায়ুসেনাই (আই এ এফ) অপাৰেচন সিন্দুৰত নিজৰ নিৰ্ধাৰিত কামবোৰ নিখুঁত আৰু পেছাদাৰীতাৰে সফলতাৰে সম্পন্ন কৰিছে । ৰাষ্ট্ৰীয় উদ্দেশ্য অনুযায়ী চিন্তাশীল আৰু বিবেচনাপূৰ্ণভাৱে অভিযানসমূহ চলোৱা হৈছিল । যিহেতু এতিয়াও অপাৰেচন চলি আছে, সেয়েহে সঠিক সময়ত বিতং তথ্য দিয়া হ’ব । লগতে ভাৰতীয় বায়ুসেনাই সকলো জল্পনা-কল্পনা আৰু অসত্য তথ্য প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।
The Indian Air Force (IAF) has successfully executed its assigned tasks in Operation Sindoor, with precision and professionalism. Operations were conducted in a deliberate and discreet manner, aligned with National Objectives.
— Indian Air Force (@IAF_MCC) May 11, 2025
Since the Operations are still ongoing, a detailed…
ভাৰতে ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল । এই অভিযানৰ অধীনত ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাই একেলগে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আতংকিত পাকিস্তানে এল অ’ চিত প্ৰচণ্ড গুলীচালনা কৰি সন্ধিয়া ড্ৰোন আক্ৰমণ চলায় । অৱশ্যে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে আকাশত থকা সকলো পাকিস্তানী ড্ৰোন ধ্বংস কৰে । ইয়াৰ পিছত ভাৰতে প্ৰতিশোধ লৈ পাকিস্তানৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলায়, য’ত পাকিস্তানী সেনাবাহিনীৰ যথেষ্ট লোকচান হয় ।
একে সময়তে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বহু দেশৰ সহায়ত যুদ্ধবিৰতিত সন্মত হৈছিল যদিও কেইঘণ্টামানৰ পিছতে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি ড্ৰোনেৰে ভাৰতক আক্ৰমণ কৰে ।
দিল্লীত চলি আছে উচ্চ পৰ্যায়ৰ বৈঠক-
ইয়াৰ উপৰিও দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক চলি আছে, য’ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, এন এছ এ অজিত ডোভাল, চি ডি এছ আৰু তিনিও সেনাৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰি আছে ।