চতুৰ্থ টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ভাৰতৰ
মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হোৱা চতুৰ্থখন টি-২০ মেচত ভাৰতীয় মহিলা দলে ইংলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে টীম ইণ্ডিয়াই পাঁচখন মেচৰ শৃংখলা দখল কৰিছে । এই শৃংখলাত ৩-১ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে ভাৰতে । এই শৃংখলাৰ অন্তিমখন খেল ১২ জুলাইত বাৰ্মিংহামত অনুষ্ঠিত হ’ব । প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১২৬ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৭ অভাৰত ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় । প্ৰথম টি-২০ত ভাৰতে ৯৭ ৰাণ আৰু দ্বিতীয় টি-২০ত ২৪ ৰাণত জয়লাভ কৰে । ইয়াৰ পিছত ইংলেণ্ডে তৃতীয় টি-২০ত ৫ ৰাণত জয়লাভ কৰে ।
ইংলেণ্ডৰ ইনিংছ-
শ্ৰীচৰণি (২/৩০) আৰু ৰাধা যাদৱ (২/১৫)ৰ উৎকৃষ্ট বলিঙৰ বাবে ভাৰতে চতুৰ্থ টি-২০ত ইংলেণ্ডক ৭ উইকেটত ১২৬ ৰানত সীমাবদ্ধ কৰি ৰাখে । যদিহে ছফী এক্লেষ্টোন (১৬*) আৰু ইচি ৱাঙে (১১*) শেষ অভাৰত ১৬ ৰান নকৰিলেহেঁতেন তেন্তে আয়োজক দলৰ অৱস্থা আৰু বেয়া হ’লহেঁতেন । দীপ্তি শৰ্মাৰ অভাৰত দুয়ো এটাকৈ ছয় আঘাত কৰে । তৃতীয় অভাৰত শ্ৰীচৰণিয়ে ডেনি ৱায়াটক (৫) আউট কৰে । ২২ ৰান সংগ্ৰহ কৰি দীপ্তিৰ বলি হয় শীৰ্ষ স্ক’ৰাৰ ছফিয়া ডাংকলি । বিউমন্ট (২০) আৰু এলিছ কেপছে (১৮) ৩৫ ৰানৰ অংশীদাৰিত্ব কৰিছিল যদিও ৰাধা যাদৱে ইংলেণ্ডক তেওঁৰ বলিঙৰ সহায়ত ডাঙৰ স্ক’ৰ কৰাত বাধা দিয়ে । ভাৰতৰ হৈ ৰাধাই চাৰি অভাৰত ১৫ ৰানত দুটা উইকেট দখল কৰে । ইয়াৰ বাহিৰেও শ্ৰীচৰণিয়ে চাৰি অভাৰত ৩০ ৰানত দুটা উইকেট দখল কৰে । অমনজোত কৌৰ আৰু দীপ্তি শৰ্মাই এটাকৈ উইকেট লাভ কৰে ।
ভাৰতৰ ইনিংছ-
প্ৰত্যুত্তৰত স্মৃতি মান্ধনা আৰু শেফালী বাৰ্মাই ভাৰতক ভাল আৰম্ভণি দিয়ে । টিম ইণ্ডিয়াই ৫৬ ৰানত প্ৰথমটো আঘাতৰ সন্মুখীন হয় । ১৯টা বলত ৬টা চাৰিৰ সহায়ত ৩১ ৰান সংগ্ৰহ কৰি শ্বেফালী আউট হয় । ৩১টা বলত ৫টা চাৰিৰ সহায়ত ৩২ ৰান সংগ্ৰহ কৰে মান্ধনাই । অধিনায়ক হৰমনপ্ৰীত কৌৰে ২৫টা বলত তিনিটা চাৰিৰ সহায়ত ২৬ ৰান সংগ্ৰহ কৰাৰ লগতে অমনজোত কৌৰে দুটা বলত দুই ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে জেমিমা ৰড্ৰিগোছে ৰিচা ঘোষৰ সৈতে মিলি ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । ২২টা বলত ২৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে জেমিমা । ৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৰিচা । ইংলেণ্ডৰ হৈ চাৰ্লট ডিন, ছফী আৰু আইছি ৱঙে এটাকৈ উইকেট লাভ কৰে ।
লগতে পঢ়ক : লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা