হকী এছিয়া কাপৰ ফাইনেলত ভাৰত
হকী এছিয়া কাপৰ ছুপাৰ-৪ পৰ্যায়ত ভাৰতীয় দলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে । এতিয়া ৭ ছেপ্টেম্বৰ (দেওবাৰ)ত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত মেচত পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা কোৰিয়াৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলে । এই খেলখনত অধিনায়ক হৰমনপ্ৰীত সিঙৰ নেতৃত্বত দলটোৱে আৰম্ভণিৰে পৰা আগ্ৰাসী ৰূপত খেলি চীনক কোনো সুযোগ নিদি জয়লাভ কৰে ।
৭-০ গ’লত পৰাস্ত চীন-
খেলখনত আৰম্ভণিৰে পৰাই ভাৰতে আধিপত্য বিস্তাৰ কৰিছিল । তৃতীয় মিনিটত শৈলেন্দ্ৰ লক্ৰাই গ’ল দিয়াৰ বিপৰীতে ষষ্ঠ মিনিটত দিলপ্ৰীত সিঙে পেনাল্টি কৰ্ণাৰত গ’ল দি দলটোক ২-০ত আগুৱাই লৈ যায় । ইয়াৰ পাছত দ্বিতীয় কোৱাৰ্টাৰত ১৭ মিনিটত পেনাল্টি কৰ্ণাৰত মনদ্বীপ সিঙে গ’ল দিয়াত ৩-০ গ’লত অগ্ৰগতি লাভ কৰে ভাৰতে ।
তৃতীয় কোৱাৰ্টাৰতো ভাৰতৰ আধিপত্য অব্যাহত থাকে । ৩৬ মিনিটত ৰাজপাল কুমাৰে আৰু ৩৮ মিনিটত সুখজীত সিঙে গ’ল দি ভাৰতক ৫-০ গ’লত অগ্ৰগতি প্ৰদান কৰে । চতুর্থ কোৱার্ৰত শক্তিশালী প্রদর্শন কৰি অভিষেকে ৪৫ আৰু ৪৯ মিনিটত একেৰাহে দুটা গ’ল দি ভাৰতক জয়ৰ সোৱাদ দিয়ে ৷ সমগ্ৰ খেলখনত ভাৰতীয় খেলুৱৈসকলে শক্তিশালী আক্ৰমণ আৰু সঠিক ৰক্ষণাবেক্ষণ প্ৰদৰ্শন কৰে । চীনে এটাও গ’ল দিব নোৱাৰি সম্পূৰ্ণ বেকফুটত থাকে । ৭-০ গ’লত জয়লাভ কৰি ভাৰত এতিয়া এছিয়া কাপৰ খিতাপৰ মেচত প্ৰৱেশ কৰিবলৈ সাজু হৈছে ।
৭ পইণ্টেৰে শীৰ্ষত ভাৰত-
উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত ভাৰতে ছুপাৰ-৪ ষ্টেজ টেবুলত প্ৰথম স্থান দখল কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে । এই পৰ্যায়ত ভাৰতীয় হকী দলটোৱে মুঠ তিনিখন খেল খেলিছিল । ৩ ছেপ্টেম্বৰত কোৰিয়াৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচ ২-২ গ’লত ড্ৰ’ত সমাপ্ত হয় । ইয়াৰ পিছত ৪ ছেপ্টেম্বৰত ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে খেলিছিল, য’ত হৰমনপ্ৰীতৰ নেতৃত্বত ৪-১ গ’লত জয়লাভ কৰিছিল দলটোৱে । শনিবাৰে দলটোৱে চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । এতিয়া ৭ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে ভাৰত ।
লগতে পঢ়ক : এছিয়া কাপ ২০২৫ ৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া; ICC একাডেমীত আৰম্ভ অনুশীলন