বাণিজ্যিক চুক্তিৰ ওপৰত আমেৰিকাৰ সৈতে হ’ব আলোচনা
বাণিজ্যিক চুক্তি সন্দৰ্ভত ভাৰত আৰু আমেৰিকাৰ মাজত পুনৰবাৰ আলোচনা হ’ব । মঙলবাৰে নতুন দিল্লীত দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত বাণিজ্য সমস্যা সমাধানৰ প্ৰয়াস কৰা হ’ব । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল, তাৰ পিছত দুয়োখন দেশৰ মাজৰ দূৰত্ব বৃদ্ধি পাইছিল । অৱশ্যে এতিয়া সম্পৰ্কৰ উন্নতিৰ আশা কৰা হৈছে ।
সোমবাৰে নিশা ভাৰতলৈ আহিছে ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী তথা আমেৰিকাৰ মুখ্য আলোচনাপন্থী ব্ৰেণ্ডন লিন্স । এই বিষয়ত ভাৰতৰ মুখ্য আলোচনাপন্থী তথা বাণিজ্য মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ আগৰৱালে কয়, “আমেৰিকাৰ দলটোৱে মঙলবাৰে (১৬ ছেপ্টেম্বৰ) ভাৰতীয় আলোচনাপন্থীসকলক সাক্ষাৎ কৰিব । ইয়াৰ পিছত পৰিস্থিতি জানিব পৰা যাব । এইটো ষষ্ঠ ৰাউণ্ডৰ আলোচনা নহয়, বৰঞ্চ বাণিজ্যিক আলোচনাৰ এটা অংশ ।” ভাৰত আৰু আমেৰিকাৰ মাজত ইতিবাচক আলোচনাৰ আশা কৰা হৈছে বুলি আশা প্ৰকাশ কৰিছে বাণিজ্য সচিব সুনীল বৰথৱালে ।
২০২৫ চনৰ মাৰ্চ মাহৰ পৰা ভাৰত আৰু আমেৰিকাৰ মাজত পাঁচটা ৰাউণ্ডৰ আলোচনা চলি আছে যদিও ষষ্ঠ ৰাউণ্ডৰ আলোচনা বন্ধ হৈ পৰে । ২৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ দুয়োখন দেশৰ মাজত প্ৰথম আলোচনা অনুষ্ঠিত হৈছিল । ইয়াৰ পিছতে ট্ৰাম্পে ২ এপ্ৰিলত সকলো দেশৰ ওপৰত ১০ শতাংশ শুল্ক ঘোষণা কৰে । ভাৰতত মুঠ ২৬ শতাংশ শুল্ক আৰোপ কৰা হয় । ৫ এপ্ৰিলত বেছ লাইন শুল্ক কাৰ্যকৰী কৰা হয় । ২১ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে জে ডি ভেন্সক সাক্ষাৎ কৰে । ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ ভাৰত আৰু আমেৰিকাৰ মাজত পঞ্চম ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হয় । ইয়াৰ পিছত শুল্ক বৃদ্ধি কৰা হয় ।
আচলতে এই বাণিজ্যিক চুক্তি সন্দৰ্ভত ভাৰত আৰু আমেৰিকাৰ মাজত ষষ্ঠ ৰাউণ্ডৰ আলোচনা হ’ব লাগিছিল যদিও শুল্ক বিবাদৰ পিছত স্থগিত ৰখা হৈছিল । ট্ৰাম্পে প্ৰথমে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল যদিও তাৰ পিছত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আৰু ২৫ শতাংশ শুল্ক বৃদ্ধি কৰে । ট্ৰাম্পৰ এই সিদ্ধান্তৰ পিছত দুয়োখন দেশৰ মাজৰ দূৰত্ব বাঢ়ি যায় । এই কাৰণতে বাণিজ্য চুক্তিৰ আলোচনাও আগবাঢ়িব পৰা নাছিল ।
লগতে পঢ়ক : বিশ্বৰ প্ৰথম এ আই মন্ত্ৰী… দুৰ্নীতি মোকাবিলা কৰাৰ দায়িত্ব দিলে এই দেশৰ চৰকাৰে