ভাৰত আৰু ব্ৰিটেইনৰ মাজত চুক্তি
বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে লণ্ডনত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত মুক্ত বাণিজ্যৰ চুক্তি স্বাক্ষৰিত কৰে।
এই চুক্তিয়ে দুয়োখন দেশতে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।লগতে বিশ্ব পৰ্যায়ত দুয়োখন দেশৰ অৰ্থনীতি শক্তিশালী কৰা হ’ব।
ভাৰত আৰু ব্ৰিটেইনৰ মাজত এই চুক্তি দুয়োখন দেশৰ সাধাৰণ জনতাৰ বাবেও অতি উপকাৰী হ’ব।ঔষধৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিকছ আৰু ফেশ্বনলৈকে সকলো সস্তা হৈ পৰিব। অৱশ্যে কিছুমান বস্তুও ব্যয়বহুল হৈ পৰিব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ পকেটত পৰিব।
এই চুক্তি সন্দৰ্ভত আলোচনা আৰম্ভ হৈছিল ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা তেতিয়াৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কাৰ্যকালত।ইয়াৰ পূৰ্বে ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য আছিল।
এই চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই চুক্তিয়ে দুয়োখন দেশৰ অৰ্থনীতিৰ উত্থান ঘটিব।লগতে চাকৰিৰ সুযোগো মুকলি হ’ব।
মুক্ত বাণিজ্য চুক্তিত ভাৰত-ব্ৰিটেইনৰ দ্বিপাক্ষিক বাণিজ্য ২০৩০ চনৰ ভিতৰত ১২০ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
মুক্ত বাণিজ্য চুক্তি দুখন বা তাতোকৈ অধিক দেশৰ মাজত কাৰ্যকৰী কৰা হয়।এই দেশসমূহে নিজৰ সামগ্ৰীৰ ওপৰত ইখনে সিখনৰ শুল্ক বাতিল কৰিবলৈ সাজু বা ইয়াক হ্ৰাস কৰাৰ বিষয়ে আলোচনা কৰে। চুক্তিৰ পিছত এই দেশসমূহৰ মাজত শুল্ক বাতিল কৰা হয় বা শুল্ক হ্ৰাস কৰা হয়।