পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে আৰম্ভ কৰা অপাৰেচন সেন্দুৰৰ মাজতে এক ডাঙৰ খবৰ প্ৰকাশ পাইছে । ইতিমধ্যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সেন্দুৰত দিকবিদিগ হেৰুৱাইছে পাকিস্তানে । ভাৰতৰ যোগ্য তথা শক্তিশালী প্ৰত্যাক্ৰমণত এতিয়া সেও মানিবলৈ বাধ্য হৈছে পাকিস্তান । অৱশেষত আমেৰিকাৰ হেঁচাত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে পাকিস্তানে ।
আমেৰিকাৰ মধ্যস্থতাত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হৈছে । এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইট কৰিছে । যিটো সময়ত ভাৰত আৰু পাকিস্তানৰ সীমান্তত ড্ৰ’ন আক্ৰমণ, গোলাবৰ্ষণ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যিয়ে আঞ্চলিক আৰু বিশ্ব পৰ্যায়ত উদ্বেগ বৃদ্ধি কৰিছে তেনে সময়তে এই খবৰ প্ৰকাশ পাইছে ।

ইফালে, পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে ছ’চিয়েল মিডিয়াত অৱগত কৰে যে ভাৰত আৰু পাকিস্তানে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে । তেওঁ কয় যে পাকিস্তানে সদায় এই অঞ্চলত শান্তি আৰু নিৰাপত্তাৰ বাবে চেষ্টা কৰি আহিছে ।
ভাৰত আৰু পাকিস্তানৰ মাজত হঠাৎ ঘোষণা কৰা যুদ্ধবিৰতিৰ আঁৰত এটা ডাঙৰ কূটনৈতিক কাৰণ আছে বুলি এতিযা চৰ্চা চলিছে । কিয়নো ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিগত কেইবাদিনো ধৰি আমেৰিকাৰ সমকক্ষৰ সৈতে ধাৰাবাহিকভাৱে আলোচনাত মিলিত হৈছিল ।
আমেৰিকাৰ পক্ষই ইয়াক দুয়োখন দেশৰ “সাধাৰণ বুজাবুজি আৰু ডাঙৰ বুদ্ধিমত্তাৰ” ফল বুলি অভিহিত কৰে আৰু এই সিদ্ধান্তৰ বাবে দুয়োখন দেশক অভিনন্দন জনায় । এতিয়া আশা কৰা হৈছে যে সীমান্তত শান্তি ঘূৰি হ’ব আৰু দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে আৰু অধিক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হ’ব ।
ট্ৰাম্পে কয় যে, ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাত মই অতি সুখী হৈছো । সাধাৰণ বুজাবুজি আৰু বুদ্ধিমত্তাৰ প্ৰদৰ্শন কৰাৰ বাবে দুয়োখন দেশলৈ অভিনন্দন ।
একে সময়তে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে কয় যে বিগত ৪৮ ঘণ্টাৰ ভিতৰত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁ ভাৰত আৰু পাকিস্তানৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়া ।