পাকিস্তানী চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়া একাউণ্ট পুনৰ সক্ৰিয়
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানী বহু তাৰকাৰ ছ’চিয়েল মিডিয়া একাউণ্ট ভাৰতত নিষিদ্ধ কৰিছিল।
এতিয়া পাকিস্তানৰ শিল্পীৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে।অৱশ্যে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ভাৰত চৰকাৰে।
বুধবাৰে ভাৰতত পুনৰ দৃশ্যমান হ’ল কেইবাজনো পাকিস্তানী চলচ্চিত্ৰ আৰু টিভি অভিনেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট, ইয়াৰ ভিতৰত আছে ছাবা কামাৰ, মাউৰা হোকানে, আহাদ ৰাজা মিৰ, হানিয়া আমিৰ, যুমনা জাইদি আৰু ডেনিছ টাইমুৰৰ ছ’চিয়েল মিডিয়া একাউণ্ট।এই সকলোবোৰ একাউণ্ট ভাৰত চৰকাৰে পহলগাম আক্ৰমণৰ পিছত নিষিদ্ধ কৰিছিল।
১৬টা ইউটিউব চেনেল কৰা হৈছিল নিষিদ্ধ
পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কিছুদিন পিছত ভাৰত চৰকাৰে ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছিল, য’ত ডন নিউজ, সামা টিভি, এ আৰ ৱাই নিউজ আৰু জিঅ’ নিউজৰ দৰে ডাঙৰ ইউটিউব চেনেলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।
এই চেনেলসমূহে ভাৰত বিৰোধী অপপ্ৰচাৰ, ভুৱা তথ্য আৰু সাম্প্ৰদায়িকভাৱে উচটনিমূলক বিষয়বস্তু সম্প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
এই চেনেলবোৰে ভাৰতীয় সেনা, নিৰাপত্তা সংস্থাৰ বিৰুদ্ধে মিছা আৰু বিভ্ৰান্তিকৰ আখ্যান বিয়পাই পৰিৱেশটোক বিষাক্ত কৰাৰ চেষ্টা কৰিছিল।এই নিষিদ্ধ চেনেলসমূহৰ ভাৰতত ৬.৩ কোটি দৰ্শক আছিল ।
লগতে পঢ়ক: ৰাজকুমাৰ ৰাওৰ ‘মালিক‘ৰ ট্ৰেইলাৰ মুকলি; সম্পূৰ্ণ বেলেগ অৱতাৰত দেখা যাব অভিনেতাগৰাকীক