ভাৰত আৰু ইজৰাইলৰ হ’বলৈ ওলাইছে মুক্ত বাণিজ্য চুক্তি
আমেৰিকাৰ সৈতে চলি থকা শুল্ক বিবাদৰ মাজতে ভাৰত আৰু ইজৰাইলে অতি সোনকালে দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বিআইটি) স্বাক্ষৰ কৰিবলৈ ওলাইছে। এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাবে এক শ্বক হ’ব পাৰে।
ইজৰাইলৰ বিত্তমন্ত্ৰী বেজেলেল স্মোট্ৰিচৰ ভাৰত ভ্ৰমণৰ সময়ত এই চুক্তি সম্ভৱপৰ।তেওঁ ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহি আছে।
এই ভ্ৰমণৰ মূল উদ্দেশ্য ভাৰত আৰু ইজৰাইলৰ মাজত অৰ্থনৈতিক আৰু আৰ্থিক সম্পৰ্ক সুদৃঢ় কৰা। ইয়াৰ লগতে এই সময়ছোৱাত সম্ভাৱ্য মুক্ত বাণিজ্য চুক্তিৰ (এফটিএ) ভেটিও স্থাপন কৰিব পাৰি।
ভ্ৰমণৰ সময়ত স্মোট্ৰিচে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ,বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱাল আৰু গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰিব। ইয়াৰ উপৰিও তেওঁ মুম্বাই আৰু গান্ধীনগৰৰ GIFT City ভ্ৰমণ কৰিব।
লগতে পঢ়ক: অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি